চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ সম্পৰ্কীয় বিশেষ বক্তৃতা অনুষ্ঠান

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ডেকাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মহাবিদ্যালয়ে কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে সেই সম্পৰ্কে অৱগত কৰে
চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত  বক্তৃতা অনুষ্ঠান
চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ,কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জীৱ প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক সুভেন্দ্ৰ কুমাৰ ৰয় ।

মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° ট্ৰিনিটি বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰি প্ৰসন্ন ডেকা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। তেঁও পৰৱৰ্তী ৫ বছৰৰ ভিতৰত উচ্চ ধ্ৰুপদী আন্তঃগাঁথনি সুবিধাৰ সৈতে মহাবিদ্যালয়খনক এক পুৰ্ণাংগ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত এনে অনুষ্ঠানে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে।

মুখ্য বক্তাই মূল বিষয় "National Education Policy, 2020 and opportunities in Government Model College, Kaziranga"ৰ লগত সংগতি ৰাখি বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। তেওঁ শিক্ষাৰ সমগ্ৰ ব্যৱস্থাৰ লগত জড়িত মূল্যবোধ শিক্ষা, চৰিত্ৰ গঠন, আধ্যাত্মিকতা ইত্যাদি দিশসমূহৰ আলোচনা কৰে।

ইয়াৰোপৰি ড০ ডেকাই বহুমুখী গৱেষণা,আবেগিক বুদ্ধিমত্তা, শিক্ষাত মাতৃভাষাৰ গুৰুত্ব ইত্যাদি বিভিন্ন দিশত মননশীল বিশ্লেষণ দাঙি ধৰে। অধ্যাপক ৰয়ে কৰ্মত শৰীৰ আৰু মনৰ একাগ্ৰতা, শিক্ষাত সৃষ্টিশীলতা ইত্যাদি দিশসমূহ আলোচনা কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ডেকাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মহাবিদ্যালয়ে কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে সেই সম্পৰ্কে অৱগত কৰে। তেওঁ পৰৱৰ্তী সময়ত কলা, বিজ্ঞান, বাণিজ্য, চিকিৎসা, প্ৰযুক্তিবিদ্যা ইত্যাদিৰ লগত জৰিত বিভিন্ন পাঠ্যক্ৰম  মহাবিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰে।

এই ক্ষেত্ৰত নিকটৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ সহযোগিতা আৰু পৰামৰ্শই উপকৃত কৰিব বুলি তেওঁ ব্যক্ত কৰে। উক্ত অনুষ্ঠানত কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলী বৰচেতিয়া, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত দত্ত, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰা, উক্ত মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকাসকল তথা যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকে।

আনহাতে উক্ত অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাৰ অন্তত মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° পূৰবী ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায়।

চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত  বক্তৃতা অনুষ্ঠান
দৰং আৰক্ষীৰ পহৰাৰ মাজতে চোৰৰ উপদ্ৰপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in