দৰং আৰক্ষীৰ পহৰাৰ মাজতে চোৰৰ উপদ্ৰপ

চোৰে লুটি নিছে বিদ্যালয়ৰ কম্পিউটাৰ,লেপ টপ,পানী উঠোৱা মটৰৰ লগতে মন্দিৰৰ দান পাত্ৰ আৰু বাচন-বৰ্তন
দৰং আৰক্ষীৰ পহৰাৰ মাজতে চোৰৰ উপদ্ৰপ

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ বিদ্যালয় তথা ধৰ্মীয়স্থানত চোৰৰ উপদ্ৰপ। প্ৰায়েই চোৰে চলাই আছে চুৰি কাৰ্য। জানিব পৰা মতে দৰঙৰ ইখনৰ পিছত সিখন বিদ্যালয়ত চোৰে চলাইছে লুট-পাট।

চোৰে লুটি নিছে বিদ্যালয়ৰ কম্পিউটাৰ,লেপ টপ,পানী উঠোৱা মটৰৰ লগতে মন্দিৰৰ দান পাত্ৰ আৰু বাচন-বৰ্তন। শুকুৰবাৰে পুনৰ মঙলদৈ চহৰৰ গাতে লাগি থকা বামুণপাৰা বালক প্ৰাথমিক বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হয় ।

চোৰে খিৰিকী ভাঙি পাঙ্খা,টেবলেট, ফাষ্ট এইদ বক্স, ইউনিফৰ্ম, আৰু খেলৰ সামগ্ৰী লুটি নিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিদ্যালয়খনৰ পৰা পানী উঠোৱা মটৰ চোৰে চুৰি কৰি লৈ গৈছিল। দৰং আৰক্ষীৰ পহৰাৰ মাজতে কেনেকৈ সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আছে, তাক লৈ সচেতন মহলে এয়া ৰহস্যৰ কাৰণ বুলি মন্তব্য কৰে।

দৰং আৰক্ষীৰ পহৰাৰ মাজতে চোৰৰ উপদ্ৰপ
গোলাঘাটৰ তেতেলীতলত পথ দুৰ্ঘটনা : এজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in