/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/31a0b7aa-3dd9-4afc-bdbf-210432793847/493.jpg)
ডিজিটেল সংবাদ,কামৰূপ : প্ৰতি বছৰে ভাৰতত ২৩ ডিচেম্বৰ দিনটো কৃষক দিৱস হিচাপে পালন কৰা হয়। যিয়ে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আমাক প্ৰয়োজনীয় খাদ্য যোগান ধৰে । এই দিনটোত সমগ্ৰ দেশে খাদ্য প্ৰদানকাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। কৃষকৰ সমৰ্পণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমগ্ৰ দেশতে গৌৰৱেৰে কৃষক দিৱস উদযাপন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7077a669-474d-4eb1-b5b5-c3fb08ae6cf6/e3725e7d_2931_40ee_b969_042859d1f238.jpg)
শনিবাৰে কৃষক দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনি সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ প্ৰতিখন গাঁও পঞ্চায়তত বিশেষ গাঁও সভাৰ আয়োজন কৰে। কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা এই সভাত কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ লগতে প্ৰতিখন গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতিকে প্ৰমুখ্য কৰি সদস্যসকল আৰু কৃষকসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/145bdf80-c73f-4abb-bb01-0946fe11ab17/df0f537d_456e_4eba_8032_0b10e4e54e5a.jpg)
সভাত সমূহীয়া সেৱা কেন্দ্ৰ আৰু ডাক বিভাগৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি পি এম কিষাণৰ হিতাধিকাৰীসকলৰ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা আসোঁৱাহখিনিও দূৰ কৰাত সহায় কৰে। ভাৰত এখন কৃষিভিত্তিক দেশ । আজিও, ভাৰতৰ জনসংখ্যাৰ আধাতকৈও অধিক লোক কৃষিৰ সৈতে জড়িত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/383a9d41-f3c9-410a-aad9-d2f3369e06eb/2e0cfb88_e88c_4d24_a2c3_0f659343b305.jpg)
উল্লেখ্য যে,২৩ ডিচেম্বৰ হৈছে দেশৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ কৃষক নেতা চৌধুৰী চৰণ সিঙৰ জন্মদিন । তেওঁ দেশৰ খাদ্য দাতাসকলৰ সুবিধাৰ বাবে আৰু কৃষিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কাম কৰিছে । তেওঁৰ স্মৃতিত সমগ্ৰ দেশতে কৃষক দিৱস পালন কৰা হয় । চৌধুৰী চৰণ সিঙে কৈছিল যে কৃষকসকলৰ অৱস্থা সলনি হ'ব লাগিব তেতিয়াহে দেশ আগবাঢ়িব।
Also Read: বশিষ্ঠত কিশোৰীক ধৰ্ষণ