ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানৰ প্ৰস্তুতি

ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৃহত্তৰ ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীসকলক বিদ্যায়তনিক উত্তৰণৰ ক্ষেত্ৰত উৎসাহ অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্যৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে অভিনন্দন অনুষ্ঠান। চলিত ২০২৩ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীসকলক অহা ১৫ জুলাই শনিবাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে।

Advertisment

আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই অভিনন্দন অনুষ্ঠানত ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বহু কেইগৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ প্ৰস্তুতি চলোৱা বুলি সভাপতি মৃগাংক দত্ত, সম্পাদক ভাস্কৰ জ্যোতি দত্তই জানিবলৈ দিছে। এই বিশেষ অভিনন্দন অনুষ্ঠানত বহু কেইগৰাকী শীর্ষ ছাত্ৰ নেতা, শিক্ষাবিদে অংশগ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানত শিক্ষাব্ৰতী ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আঞ্চলিক ছাত্ৰ সন্থাই।

Also Read: বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰ নীতি বাহাল ৰাখি নতুন নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক আহ্বান হাগ্ৰামা মহিলাৰীৰ

ALL ASSAM STUDENT UNION