বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰ নীতি বাহাল ৰাখি নতুন নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক আহ্বান হাগ্ৰামা মহিলাৰীৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰ নীতি বাহাল ৰাখি নতুন নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক আহ্বান হাগ্ৰামা মহিলাৰীৰ

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰ নীতি বাহাল ৰাখি নতুন নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক আহ্বান হাগ্ৰামা মহিলাৰীৰ

ডিজিটেল সংবাদ,চিৰাং : বিশ্ববিদ্যালয়ৰ বড়োলেণ্ডৰ ভাষাক কেন্দ্ৰ কৰি হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰীৰ। বিশ্ববিদ্যালয়ত অসমীয়া ভাষাকে আদি কৰি অন্যান্য মাতৃভাষা অধ্যয়ন কৰা পূৰ্বৰ নীতি বাতিল কৰি নতুন নিৰ্দেশনা জাৰি কৰা কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

Advertisment

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ভাষা লিখিব পৰা অধিকাৰটো প্ৰমোদ বড়োই নাইকিয়া কৰিলে । এয়া অতি দুখজনক ঘটনা বুলি আখ্যা দিয়ে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ পূৰ্বেও বিভিন্ন মেল-মিটিঙত কৈ আহিছে যে প্ৰমোদ বড়োৰ ভূমিকা সন্দৰ্ভত। প্ৰমোদ বড়োই অন্যায়ভাৱে নিজৰ বড়ো জাতিকে ঠগাই শাসনত আহিছে, বড়ো জাতি ধ্বংস কৰি আহিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ।

যিজন প্ৰমোদ বড়োই নিজৰ বড়ো জাতিকে যিদৰে ঠগাই আহিছে তেনেক্ষেত্ৰত প্ৰমোদ বড়োই অসমীয়া, বঙালী, মুছলিম জাতিৰ মানুহৰ বাবে কি ভাল কাম কৰিব সেয়া অসম্ভৱ কথা বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক কটাক্ষ কৰে । এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ক লৈ যি কাণ্ড কৰিলে ইয়াতে প্ৰমাণ হয় যে অসমৰ অইন কোনো বিশ্ববিদ্যালয়ত এনেধৰণৰ নিৰ্দেশনা ওলোৱা নাই কিন্তু প্ৰমোদ বড়োৰ অধীনত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া পঢ়া বা লিখাৰ যি অধিকাৰ নাইকিয়া কৰিলে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া বা অন্যান্য ভাষাক লৈ শেষতীয়াকৈ যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক আহ্বান জনায় । প্ৰমোদ বড়োৰ মতে এতিয়া অসমীয়া আৰু বড়োসকলৰ মাজত গণ্ডগোল হ'ব লাগে কাৰণ তেওঁৰ এনেধৰণৰ কাৰ্য্যই তাকেই কৰিব বিচাৰিছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত আগত যেনেদৰে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাত অধ্যয়ন কৰিছিল তেনেকুৱা ব্যৱস্থা বাহাল ৰাখি নতুন নিৰ্দেশনা বাতিল কৰিবলৈ অনুৰোধ জনায়। বৃহস্পতিবাৰে ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-জোহা উপলক্ষ্যে চিৰাং জিলাৰ ১ নং দাউখানগৰ জামে মছজিদ প্ৰাঙ্গনত সমূহীয়া নামাজত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগতএনেদৰে মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে আজিৰ ঈদৰ নামাজত অংশগ্ৰহণ কৰা সন্দৰ্ভত কয় যে ঈদৰ নামাজত অংশগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীৰ বাৱে কোনো নতুন কথা নহয় । প্ৰতিবছৰে তেওঁ ঈদৰ নামাজত অংশগ্ৰহণ কৰে বুলি মন্তব্য কৰে ।

কেৱল ঠাই পৰিবৰ্তন হয় , কেতিয়াবা ওদালগুৰী, বাক্সা, কেতিয়াবা কোকৰাঝাৰ এইবেলি চিৰাং জিলাত মুঠতে চাৰিখন জিলাত ঘূৰি ঘূৰি ঈদৰ নামাজত অংশগ্ৰহণ কৰে। উদ্দেশ্য এটা যিমান জাতি-জনগোষ্ঠীৰ লোক আছে সবে যাতে একেলগে বসবাস কৰিব পাৰে, অঞ্চলত যাতে শান্তিৰ পৰিৱেশ ঘূৰি আহে আৰু অসম তথা বিটিচি এলেকাত একেলগে থাকি উন্নয়নৰ কাম কৰিব পাৰে সেইবিলাক উদ্দেশ্য লৈ পেলাই প্ৰাৰ্থনা কৰে।

কিন্তু তাৰ বাবে বেলেগ অইন কোনো উদ্দেশ্য নাই বুলি সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে । তেওঁ কেতিয়াবা খ্ৰীষ্টান ধৰ্মালম্বীৰ মিছনত যায়, কেতিয়াবা বড়োসকলৰ বাথৌ ধৰ্মৰ মন্দিৰত গৈ প্ৰাৰ্থনা কৰে। মুঠতে সকলো ধৰ্মৰ মানুহক সন্মান জনোৱাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে ।

আজানৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে ১ নং দাউখানগৰ এলেকাত স্থানীয় ব্যক্তিসকলৰ সৈতে বহি লঘু আহাৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ সৈতে আলোচনাত মিলিত হয়।

Also Read: কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল গৃহৰক্ষী জোৱান

pramod boro hagrama mahilari