/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/satsingimari.jpg)
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ বানৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্থগিত ৰখা হৈছিল গুণোৎসৱৰ কাৰ্যসূচী । স্থগিত ৰখোৱা উক্ত কাৰ্যসূচী অহা ৩ আগষ্টৰ পৰা ৬ আগষ্টলৈ পুনৰ অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনে শিক্ষা বিভাগৰ জৰিয়তে এক কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
সোমবাৰে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ১১ বজাৰ পৰা দুপৰিয়া ১ বজালৈ জিলাখনৰ বিভিন্ন বিভাগত কৰ্মৰত বিভিন্ন স্তৰৰ মুঠ ৪২ গৰাকী বিষয়াক গুণোৎসৱৰ বহিঃমূল্যায়ক হিচাপে এদিনীয়া অনুশীলন কৰোৱা হয়।
উক্ত অনুশীলনৰ মাষ্টাৰ প্ৰশিক্ষক হিচাপে দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মজিবৰ ৰহমান আৰু শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ৰফিউল আলম আহমেদে প্ৰশিক্ষণ দিয়ে। জিলা খনৰ মুঠ ৪১২ খন প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত এই গুণোৎসৱ অনুষ্ঠিত হ'ব।
আনুশীলন কাৰ্যসূচীটোত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম আৰু ড° হিতেশ মজুমদাৰৰ লগতে সহকাৰী আয়ুক্ত কৃতাঞ্জলি কাশ্যপো উপস্থিত থাকে। শেহতীয়া বান পৰিস্থিতিৰ বাবে জিলাখনত দুবাৰকৈ গুণোৎসৱ স্থগিত কৰা হৈছিল। ৩ আগষ্টত বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ লগতে ৪, ৫ আৰু ৬ আগষ্টত বাহ্যিক মূল্যয়ন অনুষ্ঠিত হ'ব ।
আৰু পঢ়কঃ ৰীল লাইফৰ হিৰো, ৰীয়েল লাইফত ভূগিছে প্ৰাণৰ সংশয়তঃ মাৰনাস্ত্ৰ ৰাখিবলৈ লাভ কৰিছে অনুজ্ঞাপত্ৰ…