ৰীল লাইফৰ হিৰো, ৰীয়েল লাইফত ভূগিছে প্ৰাণৰ সংশয়তঃ মাৰনাস্ত্ৰ ৰাখিবলৈ লাভ কৰিছে অনুজ্ঞাপত্ৰ…

ৰীল লাইফৰ হিৰো, ৰীয়েল লাইফত ভূগিছে প্ৰাণৰ সংশয়তঃ মাৰনাস্ত্ৰ ৰাখিবলৈ লাভ কৰিছে অনুজ্ঞাপত্ৰ…

ডিজিটেল ডেস্কঃ প্ৰাণৰ ভয়ত দিন কটাইছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে। প্ৰাণ ৰক্ষাৰ বাবে ছলমানে বিচাৰিছে নিজৰ লগত অস্ত্ৰ ৰখাৰ অনুমতি। ইয়াৰ পিছতে ছলমানে লাভ কৰিছে অস্ত্ৰ ৰখাৰ অনুমতিও। উল্লেখ্য যে ছলমানে খানে মৃত্য়ুৰ ভাবুকি লাভেৰে এক পত্ৰ লাভ কৰিছিল। যাৰ বাবে তেওঁ নিজৰ লগত অস্ত্ৰ ৰখাৰ অনুমতি বিচাৰি আৱেদন কৰিছিল আৰু আজি সেই অনুজ্ঞাপত্ৰ লাভ কৰে।

উল্লেখ্য যে পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰাৰ কেইদিনমানৰ পিছতে ছলমান খানকো মৃত্যুৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল দুৰ্বৃত্তই। কেৱল ছলমান খানেই নহয় তেওঁৰ পিতৃকো এনে মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছিল।

ইয়াৰ পিছতে জুনত ছলমান খানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি অনুজ্ঞাপত্ৰৰ বাবে আৱেদন কৰিছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি তেওঁক অনুজ্ঞাপত্ৰ জাৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in