/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/12c02202-6e60-4b6b-b037-aabdba93132a/SOUTH_SALMARA_17.jpg)
দক্ষিণ শালমাৰাৰ বাউশকাটা সমবায় সমিতিৰ নিৰ্বাচন সম্পন্ন...
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ প্ৰায় ৫ খন গাওঁ পঞ্চায়তক লৈ গঠন হোৱা দক্ষিণ শালমাৰাৰ বাউশকাটা-ৰাভাটাৰী সমবায় সমিতিৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহন কৰা হয়। উল্লেখযোগ্য যে, সমবায় সমিতিখনৰ ভোটগ্ৰহনৰ পূৰ্বে সমবায় সমিতি চৌহদত অংশীদাৰ ভোটাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।
পুৱা ৯ বজাৰ পৰা দুপৰীয়া প্ৰায় ১.৩০ বজালৈ বিভিন্ন বাক-বিতণ্ডতাৰ মাজত সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সাধাৰণ সভাত একাংশ অংশীদাৰ ভোটাৰে চাউল কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে। ফলত ১২ বজালৈ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভাখন দিনৰ প্ৰায় ১.৩০ বজালৈ অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/52a4c8d0-665d-4938-837f-2af297806427/77f841de_8112_4b7c_938f_9f76266d7407.jpg)
হিতাধিকাৰীসকলে পাবলগীয়া সমবায় সমিতিৰ চাউল আদায় দিয়াৰ পাচত ভোটগ্ৰহন অনুষ্ঠিত কৰিবলৈ একাংশ অংশীদাৰ ভোটাৰে দাবী উত্থাপন কৰে। পৰিস্থিতি উত্তপ্ত হোৱাত ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন দাস ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী উপস্থিত হোৱাত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণত অহাৰ পাচত অৱশেষত অংশীদাৰ ভোটাৰ সকলে চাউল লাভ কৰাৰ আশ্বাস পোৱাৰ পাচত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সহমত দিয়ে।
ফলত দিনৰ প্ৰায় ১.৫০ বজাত নিৰ্বাচনৰ বাবে ভোটগ্ৰহন আৰম্ভ কৰা হয়। সমবায় সমিতিখনত নিৰ্বাচনৰ বাবে মুঠ ১৫খন আসনৰ বাবে ৩৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে ৪ টা সবল প্ৰাৰ্থীৰ পদৰ বাবে ৭ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত চাৰিওটা পদৰ সবল প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/334492fd-b5a8-401b-ad77-04f1359aa8c2/b3174f1f_f837_44ef_9fa3_2c9f97443577.jpg)
আনহাতে মহিলা সংৰক্ষিত ২ খন আসনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তাৰে ২ প্ৰাৰ্থীয়ে মনোননয় পত্ৰ প্ৰত্যাহাৰ কৰাত মহিলা সংৰক্ষিত আসনৰো দুয়োজন বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰে।
একেদৰে অনুসূচিত জাতী জনজাতী সংৰক্ষিত ১ খন আসনৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি ২ জনে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাত এই পদতো এজনে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে। ইফালে ৮ খন দুৰ্বল আসনৰ বাবে ২২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c0b0692d-4d69-4ef5-b249-c573932aff56/313953ad_d5e9_4c68_882f_d042234757e1.jpg)
ইয়াৰে ৪ জনে ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাচত বাকী থকা ১৮ গৰাকী প্ৰাৰ্থীক লৈ ৮ টা পদৰ বাবে নিৰ্বাচনৰ ভোটগ্ৰহন অনুষ্ঠিত কৰি থকা পৰিলক্ষিত হৈছে। ৩৬৩৫ গৰাকী অংশীদাৰ ভোটাৰে ১৮ গৰাকী প্ৰাৰ্থীৰ পৰা ৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
ভোটগণনা পলমকৈ আৰম্ভ হোৱাৰ বাবে বৰ্তমানেও ভোটগ্ৰহন অনুষ্ঠিত কৰি থকা পৰিলক্ষিত হৈছে। আজি নিশা প্ৰায় ১০ বজাৰ ভিতৰত ভোটগ্ৰহন সম্পন্ন হোৱাৰ সম্ভাৱনা আছে বুলি নিৰ্বাচনৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া মঞ্জিত সৰকাৰ জানিবলৈ দিছে। বাতৰি লিখা পৰলৈকে প্ৰায় ১৮শ ভোটগ্ৰহন সম্পন্ন হৈছে বুলি জানিব পৰা হৈছে।