ৰাইজে হাতে-লোটে আটক কৰিলে ড্ৰাগছসহ সৰবৰাহকাৰীক

ৰাইজে হাতে-লোটে আটক কৰিলে ড্ৰাগছসহ সৰবৰাহকাৰীক

ডিজিটেল সংবাদ, বটদ্ৰৱা : ড্ৰাগছ নিৰ্মূলৰ বাবে প্ৰশাসনে যিমানেই কঠোৰ ব্যবস্থা নকৰক কিয় আজিয়ো নিৰ্মূল কৰাত ব্যৰ্থ আৰক্ষী প্ৰশাসন। আৰক্ষীৰ চকুত ধূলি দি একাংশই ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ নিতৌ সৰবৰাহ কৰি আহিছে।

ৰাজ্যৰ আৰক্ষী প্ৰশাসনে বাৰে বাৰে ৰাইজক সজাগ হোৱাৰ আহ্বান জনোৱাৰ সময়তে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ হাতীযুজুৱাৰ ৰাইজ। নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীযুজুৱা গাঁৱৰ ৰাইজে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে ।

বৃহস্পতিবাৰে হাতীযুজুৱাৰ ৰাইজৰ হাতত জহিৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰে। নিজ গৃহৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ ওলাই যাওঁতেই স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজে ধৃত জহিৰুলক আটক কৰে।

জানিব পৰামতে প্ৰথমাৱস্থাত ধৃত জহিৰুলে পলাবলৈ চেষ্টা কৰোঁতে ৰাইজে খেদি খেদি তেওঁক আটক কৰি পাছত জাজৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। উল্লেখ্য যে ৰাইজে আটক কৰি আৰক্ষীৰ হাতত চমজাই দিলেও এইসকল ড্ৰাগছ ব্যৱসায়ী কম সময়তে ওলাই আহি পুনৰ আৰু অধিক উৎসাহেৰে ড্ৰাগছ বিক্ৰী কৰে বুলি ৰাইজে উল্লেখ কৰে।

ৰাইজে হাতে-লোটে আটক কৰিলে ড্ৰাগছসহ সৰবৰাহকাৰীক
প্ৰেমিকাক হত্যা কৰি কেৰেলাত আত্মগোপন কৰা প্ৰেমিকক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in