শোণিতপুৰত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ

শোণিতপুৰত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ

ডিজিটেল সংবাদ,শোণিতপুৰঃ আগন্তুক দৌল যাত্ৰা উপলক্ষে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এক নিৰ্দেশ যোগে ৮ মাৰ্চ বুধবাৰে এন.আই.এক্ট. ১৮৮১ ৰ অধীনত উক্ত দিনটো স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। উক্ত দিনটোত সমগ্ৰ শোণিতপুৰ জিলা, বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তিয় প্ৰতিষ্ঠান, বেংক আদি বন্ধ থাকিব ।

এই ক্ষেত্ৰত ইতিমধ্যে নিৰ্ধাৰিত কৰা বিদ্যালয়, মহাবিদ্যালয় সমূহৰ পৰীক্ষাৰ ক্ষেত্ৰত এই বন্ধ প্ৰযোজ্য নহ’ব ৷

শোণিতপুৰত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ
ৰূপহীহাটৰ শালপাৰাত অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in