ৰূপহীহাটৰ শালপাৰাত অঘটন

AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে গাড়ীৰ নথি পত্ৰসমূহ জুইত যাহ যায়

author-image
Asomiya Pratidin
New Update
ৰূপহীহাটৰ শালপাৰাত অঘটন

ডিজিটেল সংবাদ,ৰূপহীহাটঃ ৰূপহীহাটৰ শালপাৰাত শুক্ৰবাৰে পথত ৰখাই থোৱা এখন মটৰ চাইকেল দাউ দাউকৈ জ্বলি উঠা ঘটনাই পথচাৰিক আচম্বিত কৰি তোলে ৷ বাহনখন হঠাৎ জুইৰ সূত্ৰপাত হোৱাত ভস্মীভূত কৰে মটৰ চাইকেলখন ।

Advertisment

জানিব পৰা মতে ঢেঁকীয়াজুলিৰ পৰা জুৰিয়া অভিমুখে আহি থকা অৱস্থাত হঠাৎ জ্বলি উঠে মটৰ চাইকেলখন। AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে গাড়ীৰ নথি পত্ৰসমূহ জুইত যাহ যায়।

লগে লগে নগাঁও নলতলী ৰাজ্যিক ঘাইপথত তীব্ৰ জান-যটৰ সৃষ্টি হয়। বহু সময়ত ৰাজ পথতত আবদ্ধ হ'বলগীয়া হৈছে পথচাৰিসকল।

Also Read: পেৰিছ ফেশ্বন উইক, ২০২৩ ত জিলিকিল অসম তনয়া সংযুক্তা দত্ত

fire