চৰকাৰে ক্ষতিপূৰণ দিয়া ধন হৰলুৰি কৰিলে এজনে...

চৰকাৰে ক্ষতিপূৰণ দিয়া ধন হৰলুৰি কৰিলে এজনে...

author-image
Asomiya Pratidin
New Update
চৰকাৰে ক্ষতিপূৰণ দিয়া ধন হৰলুৰি কৰিলে এজনে...

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগৰ নিচুকাত এক অদ্ভুত কাণ্ড । চল-চতুৰিৰে হৰলুকি কৰিলে ছয় লাখতকৈ অধিক টকা। বৰপেটা জিলাৰ সৰভোগৰ নিচুকাত হুছেইন আলী নামৰ এগৰাকী ব্যক্তিয়ে হুমায়ুন আলী নাম ব্যৱহাৰ কৰি একেখন গাঁৱৰে আইজ উদ্দিন নামৰ ব্যক্ত এগৰাকীৰ ৬,০৫,২৩৩ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

Advertisment

হুছেইন আলী নামৰ ঠাইত হুমায়ুন আলী নাম কেনেকৈ আহিল তাক লৈ এক ৰহস্যজনক প্ৰশ্নৰ সৃষ্টি হৈছে । জানিব পৰা মতে ৱল বেংক কোম্পানীৰ দ্বাৰা বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নদী বান্ধ জিও বেগৰ কাম চলিছিল। যাৰ বাবে আইজ উদ্দিনৰ বৃহৎ পৰিমাণৰ গছ-গছনি ক্ষতি সাধন হোৱা বাবে চৰকাৰে ক্ষতিপূৰণ দিছিল।

কিন্তু হুছেইন আলীয়ে আইজ উদ্দিনৰ মাটিৰ ২৭৯ দাগৰ ১১২ পাট্টা ব্যৱহাৰ কৰি আইজ উদ্দিনৰ নামৰ ৬,০৫,২৩৩ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে হুছেইন আলী নিচুকা গাঁৱৰ বাসিন্দা নহয় আৰু তেওঁৰ নামত গাঁওখনত কোনো মাটি নাই। তেওঁ কেইবাবছৰ ধৰি শহুৰেকৰ মাটিত বাসগৃহ নিৰ্মাণ কৰি বসবাস কৰি আছে ।

ঘটনা সন্দৰ্ভত বৰনগৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু বৰপেটা উপায়ুক্ত কাৰ্যালয়ত লিখিত আকাৰে অভিযোগ দিছিল যদিও কোনো গুৰুত্ব পোৱা নাই ভুক্তভোগী আইজ উদ্দিনে ।

ইয়াৰ উপৰিও ঘটনাক কেন্দ্ৰ কৰি বৰপেটাৰোড আৰোক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু সামাজিক ভাৱে মেল বহিছিল। সামাজিক মেলত টকা ঘূৰাই দিব বুলি কৈছিল যদিও আজিলৈকে টকাখিনি ঘুৰাই নাপালে আইজ উদ্দিনে ।

এতিয়া প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত চলিছে এই গোপন মিতিৰালি ? কিয় ভুক্তভোী পৰিয়ালে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰিব লগা হৈছে?

ভুক্তভোগী পৰিয়ালে উপায়ন্তৰ হৈ প্ৰাপ্ত ধন বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনায় আৰু ঘটনাৰ উচিত তদন্ত কৰি দোষীক শান্তি দিবলৈ আহ্বান জনায়।

Also Read: অভিমন্যু দাস বিজেপিৰ পোহনীয়া অপৰাধী,হিমন্ত বিশ্বৰ ঘৰৰ মানুহঃ অখিল গগৈ

Assam police