অভিমন্যু দাস বিজেপিৰ পোহনীয়া অপৰাধী,হিমন্ত বিশ্বৰ ঘৰৰ মানুহঃ অখিল গগৈ

Akhil gogoi
Akhil gogoi

ডিজিটেল সংবাদ, কাজিৰঙাঃ অভিমন্যু দাস বিজেপিৰ পোহনীয়া অপৰাধী,হিমন্ত বিশ্বৰ ঘৰৰ মানুহ এইবিলাক" বিগত ৭ মাহে অন্তৰ্ধান হৈ থকা অভিমন্যু দাসক সৰুপথাৰৰ গুলীচালনাৰ ঘটনাৰ পিছত আটক কৰাৰ পিছত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ।

গগৈয়ে কয় যে, অভিমন্যু দাসৰ দৰে নিযুক্তি কেলেংকাৰীৰ অভিযুক্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গৃহ বিভাগৰ ব্যৰ্থতা ৷ অভিমুন্য দাস সাতমাহে অসম পুলিচৰ নাকৰ তলত ঘূৰা-ফুৰা কৰি থকাটোত প্ৰমাণ হৈছে গৃহ বিভাগৰ ফোপোলা স্বৰূপ। নিজে গুলি নুফুটুওৱা হ'লে ধৰাই নপৰিল হয় অভিমণ্যু দাস৷

বন্দুক লৈ দাদাগিৰি কৰি ফুৰা অভিমণ্যু দাসক গ্ৰেপ্তাৰ কৰা ঘটনাই অসম আৰক্ষীৰ সোপাধিলা,অকমণ্যতা,কাম নাইকীয়া চৰিত্ৰটো প্ৰতিফলিত কৰিছে ৷ডি জি পি হিচাপে জি পি সিং ব্যৰ্থ আৰু গৃহমন্ত্ৰী হিছাপে হিমন্ত বিশ্ব ব্যৰ্থ বুলি উল্লেখ কৰে অখিল গগৈয়ে ৷

কা- আন্দোলন মষিমূৰৰ বাবে আৰক্ষীৰ পূৰ্ণ প্ৰস্তুতি। গুৱাহাটীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী। হিংসাত্মক ঘটনা ৰোধৰ বাবে ৩ শতাধিক কামাণ্ডো নিয়োগক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ।

ডিজিপি জি পি সিঙে মাফিয়া ডনৰ নিচিনা ডায়ল'গ মাৰি আছে।সন্ত্ৰাসময় পৰিস্থিতি সৃষ্টি কৰি কা আন্দোলন মষিমুৰ কৰা বুলি প্ৰকাশ অখিল গগৈৰ।ৰাইজক কা-ৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ দাবী বিধায়কগৰাকীৰ।

ইফালে বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া ।২০২৪ ৰ লোকসভা নিৰ্বাচন বিজেপিৰ বাবে সুখকৰ নহ'ব।বৰ্তমান বিজেপি দল ৰাজনৈতিক ভাৱে শক্তিশালী নহয়।যদিহে বিজেপিয়ে সকলো চিট জিকিম বুলি ভাবি লৈছে তেন্তে ৰাজ্যসভাৰ সাংসদ, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আকৌ ফিল্ডত ননমালে হয় ।

সৰ্বানন্দ সোণোৱালক বিজেপিয়ে চাহ জনগোষ্ঠীৰ বিৰুদ্ধে অসমীয়া জাতিৰ বিৰুদ্ধে ব্যৱহাৰ কৰে । কা আন্দোলনৰ সময়ত সৰ্বানন্দ সোণোৱালক যেনেকৈ ব্যৱহাৰ কৰিলে ঠিক তেনেদৰে চাহ জনগোষ্ঠী লোকৰ আটাইতকৈ ডাঙৰ লিডাৰ, মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থীত্ব কৰ্তনত‌ ব্যৱহাৰ কৰিলে৷

লোকসভা নিৰ্বাচনৰ বিজেপি দলৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা এটা ফুটবল ৷ বিজেপিয়ে তেওঁক ফুটবল খেলাৰ দৰে লঠিয়াই গুৰিয়াই থাকে ৷ এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷

লগতে কয়, কাজিৰঙা সমষ্টিৰ লগত কামাখ্যা প্ৰসাদ তাছাৰ কোনো সম্পৰ্কই নাই ৷ অতিথিৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰিব আহিছে তাছা ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান থকা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টিত ৰাজনীতিত প্ৰাসংগিকতা নথকা এজন প্ৰাৰ্থী দি প্ৰমান কৰি দিছে অলপো গুৰুত্ব দিয়া নাই কাজিৰঙা সমষ্টিত ৷কামাখ্যা প্ৰসাদ তাছাৰ পৰা কাজিৰঙাৰ কেতিয়াবা উন্নতি হ'ব বুলি ভাবিব নোৱাৰি বুলিও মত ব্যক্ত ৰাইজৰ দলৰ সভাপতি গৰাকীৰ ৷

Akhil gogoi
১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়ালঃ প্ৰধানমন্ত্ৰী মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in