ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে এছ অ' পি প্ৰকাশঃ চাওঁক সবিশেষ...

ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে এছ অ' পি প্ৰকাশঃ চাওঁক সবিশেষ...
ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে এছ অ' পি প্ৰকাশঃ চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ আগন্তুক ভোগালী বিহু উপলক্ষে ৰাজ্য চৰকাৰে পৰম্পৰাগত ম’হ যুঁজ আৰু অন্যান্য চৰাইৰ যুঁজৰ বাবে SOP জাৰি কৰিছে। জীৱ-জন্তুৰ প্রতি নিষ্ঠুৰতা নোহাৱাটো সুনিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থাৱলী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আজি ঘোষণা কৰা এছ অ' পি অনুসৰি জিলা প্রশাসনসমূহৰ দ্বাৰ ইয়াক নিয়ন্ত্রণ কৰিবলৈ কোৱা হৈছে। ম’হ যুঁজৰ বাবে মানসম্পন্ন কাৰ্য পৰিচালনা বিধি/নিৰ্দেশনাৱলী সমূহৰ ভিতৰত উদ্যোক্তাসকলৰ আবেদনৰ ভিত্তিত সংশ্লিষ্ট জিলা আয়ুক্তই প্রদান কৰিব অনুমতি।

২৫ বছৰ ধৰি ম’হ যুঁজ পাতি অহা ঠাইতহে ম’হ যুঁজৰ অনুমতি দিয়া হ’ব। ম’হ যুঁজ মাঘৰ বিহুৰ ১০ দিনৰ ভিতৰত পাতিব পাৰিব ১৫ জানুৱাৰী পৰা ২৫ জানুৱাৰীৰ নিৰ্দিষ্ট সময়ত ম’হ যুঁজৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ম’হ যুঁজৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিশ্চিত কৰিব লাগিব। ম’হযুঁজৰ স্থানত পশুপালন বিভাগৰ এটা দলো মোতায়েন কৰিব লাগিব। ব্যাপক পৰিসৰত ম’হ যুঁজ হোৱা স্থানত পশুৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা থাকিব লাগিব।

ম’হ যুঁজৰ আয়োজকে যুঁজ থলীত ম’হৰ বাবে খাদ্য, পানী আৰু বিশ্রাম কক্ষৰ ব্যৱস্থা কৰিব লাগিব। ম’হ যুঁজৰ সম্পূৰ্ণ অনুষ্ঠানৰ ভিডিঅ’গ্রাফীও কৰিব লাগিব। ইয়াৰ বাবে আয়োজক সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিব।

আয়োজকে ম’হ যুঁজৰ স্থানত উপযুক্ত বেৰিকেডৰ ব্যৱস্থা কৰিব লাগিব। ম'হ যুঁজৰ বাবে কেৱল স্বাস্থ্যৱান মতা ম’হহে নিয়োজিত কৰিব লাগিব। যুঁজৰ সময়ত ম’হক উচতনি দিবলৈ কোনো ধৰণৰ চোকা অস্ত্র বা সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব।

ইয়াৰোপৰি ম’হক নিচাজাতীয় দ্রব্য খোৱাব নোৱাৰিব। এই নিয়মসূহ মানি চলিব বুলি আয়োজক সমিতিয়ে প্ৰশাসনক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব।

আনহাতে বুলবুলি চৰাইৰ যুঁজৰ বাবেও মানসম্পন্ন কাৰ্য পৰিচালনা বিধি প্রশাসনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। যুঁজৰ বাবে ব্যৱহাৰ কৰা বুলবুলি চৰাইকেইটাক সম্পূৰ্ণকৈ সুৰক্ষিত কৰি ৰাখিব লাগিব। যুঁজ হ’ব লগা স্থানত চৰাইকেইটাক খাদ্য আৰু পানী খুওৱাৰ ব্যৱস্থা কৰিব লাগিব।

সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো আয়োজক সমিতিয়ে নিৰীক্ষণ কৰিব লাগিব। বুলবুলি চৰাইৰ যুঁজৰ বাবে সু-শৃংখলিতভাৱে পৰিচালনা কৰিব লাগিব। এনে যুঁজ স্থলীত যুঁজৰ খেল পৰিচালনা সমিতিয়ে বেৰিকেড স্থাপনৰ কৰিব লাগিব।

দুগৰাকী মাৰ্চাৰ আৰু দুগৰাকী বিচাৰকৰ বাহিৰে আন কোনো ব্যক্তি মঞ্চত উঠিব নোৱাৰিব। চৰাইৰ মালিকে বিশেষভাৱে সংৰক্ষিত আসনত শৃংখলাবদ্ধভাৱে বহিব লাগিব।

আয়োজকে দৰ্শকৰ বাবে খেল উপভোগ কৰিব পৰাকৈ উপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগিব।খেলৰ অন্তত বুলবুলি চৰাইকেইটাক সুস্থ অৱস্থাত মুকলি আকাশত এৰি দিয়াটো বাধ্যতামূলক।

এই নিয়মসমূহ সমিতিয়ে উলংঘা কৰিলে ৫ বছৰৰ বাবে পুনৰ এনে যুঁজ নিষিদ্ধ কৰা হ’ব। এই নিষিদ্ধকৰণ ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ এই দুয়োটাৰ ক্ষেত্রতে প্রযোজ্য হ’ব।

ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে এছ অ' পি প্ৰকাশঃ চাওঁক সবিশেষ...
কাজিৰঙাৰ ষষ্ঠ সংযোজনতো দুদিনীয়াকৈ অনুষ্ঠিত হ'ল পঞ্চম জলচৰ পক্ষী গণনা.....‌

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in