কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল কছাৰী গণ মঞ্চৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল কছাৰী গণ মঞ্চৰ

ডিজিটেল সংবাদ, বৰবৰুৱাঃ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থীত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি কৰ্মী সকল অতি উৎসাহী যদিও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজৰ জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিছে বিদ্ৰোহ। নিৰ্বাচনৰ প্ৰাকক্ষণত সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণ মঞ্চ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ৰাইজৰ বাবে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ। জনগোষ্ঠীটোৰ বাবে যি উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক কাৰ্যকৰী নকৰাৰ অভিযোগ।

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰি জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়ন কৰাত ব্যৰ্থ হ'ল সৰ্বানন্দ সোণোৱাল, লগতে খোৱাং নাহৰণিত থকা সোণোৱাল জনগোষ্ঠীৰ একমাত্ৰ বহুৱা নৃত্যলৈ এক কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ো আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে। এনেবোৰ অনেক অভিযোগেৰে টিংখাঙৰ চহৰীকটাত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ হ'ল সোণোৱাল কছাৰী গণ মঞ্চৰ সম্পাদক গোপাল সোণোৱাল। লগতে সোণোৱাল কছাৰী ৰাইজক বিবেক ভোট দিবৰ বাবেও আহ্বান জনালে গোপাল সোণোৱালে।জানিবলৈ দিয়ে সোণোৱাল কছাৰী সকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে অহা পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সোণোৱাল কছাৰী গণ মঞ্চই।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল কছাৰী গণ মঞ্চৰ
সুৰা নীতি কেলেংকাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অৰবিন্দ কেজৰিৱাল...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in