শোণিতপুৰত বিশ্ব স্মৃতি দিৱসত পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ অংশগ্ৰহণ

শোণিতপুৰত বিশ্ব স্মৃতি দিৱসত পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
শোণিতপুৰত বিশ্ব স্মৃতি দিৱসত পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বালিপৰাত বিশ্ব স্মৃতি দিৱস উপলক্ষে জিলা পৰিবহন বিভাগ আৰু পথ সুৰক্ষা সমিতি শোণিতপুৰৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই বাইক ৰেলীৰে আহি বালিপৰাৰ উক্ত সভাত অংশ গ্ৰহণ কৰে।

Advertisment

মন্ত্ৰী গৰাকীয়ে সভাত পথ দূৰ্ঘটনা ৰোধ কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই । সভাত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতী, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়াৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী, প্ৰশাসনিক বিষয়া আৰু দলীয় নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, সভাত মন্ত্ৰী আৰু বিধায়কে পথ দূৰ্ঘটনাত মৃত্যু বৰণ কৰা চাৰিদুৱাৰৰ সোমেশ্বৰ দাসৰ মাতৃ আৰু পত্নী মাইনা দাস আৰু প্ৰিয়ান জুলি দাসক সম্বৰ্দ্ধনা জনায় ।

Also Read: প্ৰায় এবছৰে মাতৃৰ মৃতদেহৰ সৈতে কটালে দুগৰাকী কন্যাই...

বিশ্ব স্মৃতি দিৱস