জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস

জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত চলিছে বন্যহস্তীৰ উপদ্ৰৱ। অঞ্চলটোৰ দক্ষিণ প্ৰান্তৰ বিষ্ণুপুৰ, হকমা, পানপুৰ, মালবস্তিকে ধৰি কেইবাখনো গাঁৱৰ ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে।

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা বুধবাৰে নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধাননি পথাৰত পকীবলৈ ধৰা ধান খোৱাৰ লগতে গছকি তহিলং কৰিছে। বনৰীয়া হাতীৰ ভয়ত এতিয়া অঞ্চলটোৰ গঞাঁ ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে। জনাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বনবিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Also Read: জামুগুৰিহাটত ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ ১৪৮ তম জন্ম জয়ন্তী উদযাপন

wild elephant attacked