জামুগুৰিহাটত ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ ১৪৮ তম জন্ম জয়ন্তী উদযাপন

জামুগুৰিহাটত ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ ১৪৮ তম জন্ম জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম মুণ্ডা মহাসভা বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত নদূৱাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত মনাই চাহবাগিছাৰ খেল পথাৰত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ ১৪৮ তম জন্ম জয়ন্তী সমাৰোহ উদযাপন কৰা হয়৷ বুধবাৰে ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডা জন্ম জয়ন্তী উপলক্ষে পুৱাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি পুষ্পাঞ্জলী অৰ্পণ কৰা হয় ৷

বিয়লি অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় উপ সভাপতি মাংৰা হৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি ও চাহ বাগিছাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাখনত বীৰ শ্বহীদ বিৰছা মুণ্ডাক সোঁৱৰি বিধায়ক পদ্ম হাজৰিকাই তত্ত্ব গধুৰ মন্তব্য আগবঢ়ায়। সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সাংস্কৃতিৰ দলসমূহে গীত-নৃত্য আদি পৰিবেশন কৰে৷

জামুগুৰিহাটত ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ ১৪৮ তম জন্ম জয়ন্তী উদযাপন
বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত আজি অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in