ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত

ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলা নিহত

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জামুনবিল গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা।

Advertisment

খাদ্যৰ সন্ধানত নিশা ওলাই অহা এটা বন্যহস্তীয়ে শুই থকা আৱস্থাত ৫০ বছৰীয়া ৰিতামনি ইন্দুৱাৰ নামৰ মহিলা গৰাকীক গছকি হত্যা কৰে। বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া ৰাইজে ৰঙাপৰাবাসী ৰাইজে উজাগৰী নিশা কটাবলগীয়া অৱস্থা হৈছে ৷

এমাহৰ ভিতৰতে জামুনবিল গাঁৱত বন্যহস্তীৰ আক্ৰমনত দুজনকৈ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ গাঁওখনৰ ৰাইজে বন বিভাগক বন্যহস্তী জাকটো পুণৰ বনাঞ্চলৈ খেদি পঠিয়াবলৈ দাবী জনাইছে৷ ৰঙাপৰা আৰক্ষীয়ে ৰিতামনি ইন্দুৱাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

Also Read: পশ্চিম বৰপেটাৰোড ই-ৰিক্সা চালক সন্থাৰ বিশেষ সভা

Wild elephanat