পশ্চিম বৰপেটাৰোড ই-ৰিক্সা চালক সন্থাৰ বিশেষ সভা

পশ্চিম বৰপেটাৰোড ই-ৰিক্সা চালক সন্থাৰ বিশেষ সভা

author-image
Asomiya Pratidin
New Update
পশ্চিম বৰপেটাৰোড ই-ৰিক্সা চালক সন্থাৰ বিশেষ সভা

ডিজিটেল সংবাদ, বৰপেটা ৰোডঃ বৰপেটাৰোডত যান-জটৰ বিভিন্ন সমস্যা লৈ প্ৰশাসনে ই ৰিক্সা চালকসকলকৰ বিৰুদ্ধে সৰৱ হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বালাভিঠা চ'ক বজাৰত ই ৰিক্সা চালকসকলৰ সভা অনুষ্ঠিত হয়। বৰপেটাৰোডৰ গাতে লাগি থকা বালাভিঠা, সাতবইনীৰটুপ কলহভাঙা, ধূপগুৰী, ৰায়পুৰ, ভালুকী, শালমাৰা, জশিহাটী, গবিন্দ পুৰ, উত্তৰ জাখলীবিল পাথাৰ, চেঙেলীয়া আদি কেইখনমান গাৱৰ দৰিদ্ৰ ই ৰিক্সা চালকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা লৈ এখন কমিটি গঠন কৰে

Advertisment

সভাপতি জাকিৰ হুছেইন চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অল ইণ্ডিয়া ৰোড ষ্ট্ৰানছপোট ৱৰ্কাৰ ফেডাৰেশ্বনৰ অসম ৰাজ্যিক সভাপতি মথুৰা দাস, বালাভিঠা ভিডিবি সম্পাদক আব্দুছ ছালাম, গাওঁ প্ৰধান সদৰ আলী, সমাজকৰ্মী আয়নাল হক, এছাহাক আলী আৰু বিভিন্ন ঠাইৰ চালকসকল।

সভাত ভাষন প্ৰদান কৰি মধুৰা দাসে চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনা ই ৰিক্সা চালকসকলে মানি চলিব আৰু যান -যটৰ সমস্যা নিয়ন্ত্ৰণ কৰিব বুলি জানিব দিয়ে।

Also Read: গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

e- vehicle