জামুগুৰিহাটত ৬টা চোৰাং গৰুসহ আটক ২জন সৰবৰাহকাৰী

জামুগুৰিহাটত ৬টা চোৰাং গৰুসহ আটক ২জন সৰবৰাহকাৰী

ডিজিটেল সংবাদ,জামুগুৰিহাট : চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে পুৱতি নিশা জামুগুৰিহাটত আৰক্ষীয়ে ৬টা চোৰাং গৰুসহ ২জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। AS- 32 - C - 2387 নম্বৰৰ বলেৰ' পিকআপ গাড়ীখনেৰে চোৰাং গৰু কঢ়িয়াই আনি থকাৰ সময়তে জামুগুৰিহাটৰ চকীঘাটত আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰুসহ আটক কৰে দুই সৰবৰাহকাৰীক।

সৰবৰাহকাৰী দুজনৰ নাম হ'ল মফিজুদ্দিন হক আৰু মাইনুল হক। উলেখ্য যে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে এটি দুষ্ট চক্ৰই অতি কৌশলৰে এতিয়াও চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে।

জামুগুৰিহাটত ৬টা চোৰাং গৰুসহ আটক ২জন সৰবৰাহকাৰী
অনুষ্ঠানৰ মাজতে দুৰ্ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in