অনুষ্ঠানৰ মাজতে দুৰ্ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

উৎসৱ-পাৰ্বন পালনৰ ক্ষেত্ৰত উত্ৰাৱল নহৈ সতৰ্ক আৰু সাৱধান হোৱাৰ আহ্বান জুবিন গাৰ্গৰ

author-image
Asomiya Pratidin
New Update
অনুষ্ঠানৰ মাজতে দুৰ্ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক : 'এইকেইদিন বহুত এক্সিডেণ্ট হৈছে। সেয়ে সাৱধানে থাকক।' দেৰাগাঁৱৰ অনাকাঙ্খিত দুৰ্ঘটনাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে। উল্লেখ্য যে বুধবাৰে পুৱতি নিশা কয়লাভৰ্তি ট্ৰাক আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত নিহত হৈছিল ১২গৰাকীকৈ লোক। আহত হৈছিল ভালেসংখ্যক যাত্ৰী।

Advertisment

এই সন্দৰ্ভত জনপ্ৰিয় শিল্পীগৰাকীয়ে এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকাৰ মাজতে দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে। অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে সাৱধানে চলা-ফুৰা কৰিবলৈ অনুৰোধ জনায়।

উৎসৱ-পাৰ্বন পালনৰ ক্ষেত্ৰত উত্ৰাৱল নহৈ সতৰ্কতা আৰু সাৱধানেৰে আনন্দ-ফূৰ্তি কৰাৰ বাবে মঞ্চৰ পৰাই শিল্পীগৰাকীয়ে আহ্বান জনায়। 'এইকেইদিন বহুত এক্সিডেণ্ট হৈছে। সেয়ে সাৱধানে থাকক। ফেষ্টিভেল চলি থাকিব,উৎসাহ চলি থাকিব, উৎসৱ চলি থাকিব কিন্তু আমি সাৱধানে থাকিব লাগিব।' বুলি জুবিন গাৰ্গে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Also Read: কাছাৰত একে নিশাই গ্রেপ্তাৰ ১৭জন চোৰ

zubeen garg