/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/69c2d0e9-a006-42c7-a0c7-9153da5de1d2/70.jpg)
ডিজিটেল সংবাদ,বিহালীঃ সমগ্ৰ দেশৰ লগতে কালি বিশ্বনাথ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ ৰ শুভাৰম্ভণি কৰা হয় । অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশ্বনাথ চাৰিআলি বাছ আস্থানত অনুষ্ঠিত হয় এই শুভাৰম্ভণি অনুষ্ঠান ।
অনুষ্ঠানটি শুভাৰম্ভণি কৰে বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে । সভাত জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জিলা পৰিবহন বিষয়া মঃ ৰফিকুল ইছলাম সমন্বিতে প্ৰায় শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f03d1529-d088-4275-9289-efe770759715/cbdb5e52_7546_4f93_9020_b6385ec446a4.jpg)
উল্লেখ্য যে, এইবাৰ জিলাখনৰ ভিন্ন স্থানত ১ মাহজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা মাহ অনুষ্ঠিত হ'ব । অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে কয় পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰৰ নিৰ্দেশত এমাহ জোৰা কাৰ্যসূচীৰে এইবাৰ বিভিন্ন ৰাজহুৱা স্থানত সজাগতা সভাসমূহ অনুষ্ঠিত কৰা হ'ব ।
Also Read: ৰাইডঙীয়াত শিল্পী দিৱসৰ কাৰ্যসূচী