৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা

৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাই কাষৰে এজন যুৱকে। জামুগুৰিহাটৰ টৌভঙা যোগীবস্তীত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণ অনুসৰি ৮মহীয়া গৰ্ভৱতী মহিলাগৰাকীয়ে ঘৰৰ কাষৰ কহুৱাৰ মাজত পুৱা গৰু এৰাল দিবলৈ গৈছিল। তেনেসময়তে একে গাঁৱৰে গোপাল মিলি নামৰ ব্যক্তিজন সেই স্থানত উপস্থিত হৈ আৰু মহিলাগৰাকীৰ মুখত সোপা দি চোচোৰাই নি ধৰ্ষণৰ চেষ্টা চলাই মহিলা গৰাকীক। মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত গাঁওখনৰ একাংশ লোক সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কৰে মহিলা গৰাকীক।

জানিব পৰা মতে, ধৰ্ষণৰ চেষ্টা চলোৱা গোপাল মিলি বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যেই জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে৷

৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা
মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in