নামত হে আদৰ্শ গাঁও, নাই কোনো সুচল বাট পথ...

চৰকাৰী ভাবে আদৰ্শ গাঁও হিচাপে ঘোষিত গহপুৰৰ এখন গাঁও । গহপুৰ সমষ্টিৰ ৰাঙলীয়াল গাঁও পঞ্চায়তৰ উক্ত গাঁও খনৰ নাম কুঁহিমাৰী । শতাধিক পৰিয়ালে বসবাস কৰা কুঁহিমাৰী গাঁৱত নাই যাতায়াতৰ সু ব্যৱস্থা
নামত হে আদৰ্শ গাঁও, নাই কোনো সুচল বাট পথ...

ডিজিটেল সংবাদ, গহপুৰঃ চৰকাৰী ভাবে আদৰ্শ গাঁও হিচাপে ঘোষিত গহপুৰৰ এখন গাঁও । গহপুৰ সমষ্টিৰ ৰাঙলীয়াল গাঁও পঞ্চায়তৰ উক্ত গাঁও খনৰ নাম কুঁহিমাৰী ।

শতাধিক পৰিয়ালে বসবাস কৰা কুঁহিমাৰী গাঁৱত নাই যাতায়াতৰ সু ব্যৱস্থা । এজাক বৰষুণ দিলেই বোকাময় হৈ পৰা পথটোত বাৰিষাৰ সময়ত কেৱল চলে তুলুঙা নাওঁ ।

ব্ৰহ্মপুত্ৰৰ বানে প্ৰতিটো বাৰিষাতে বিধ্বস্ত কৰা অঞ্চলটোত যাতায়তৰ সমস্যাৰ উপৰিও বিশুদ্ধ খোৱাপানী ব্যৱস্থা অনাময় আঁচনি, বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ৰাইজ ।

অঞ্চলটোত এখনেই প্ৰাথমিক বিদ্যালয় আছে যদিও বিদ্যালয়লৈ অহা-যোৱাৰ বাবে নাই কোনো পথ । কেৱল নামতহে আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত কুঁহিমাৰী গাঁৱৰ ৰাইজৰ দুৰাৱস্থাৰ প্ৰতি মন-কান দিয়াৰ আহৰি নাই পঞ্চায়ত প্ৰতিনিধিৰ লগতে গহপুৰ সমষ্টিৰ বিধায়কৰ ।

অঞ্চলবাসী ৰাইজে এতিয়া চৰকাৰলৈ কাতৰ আহ্বান জনাইছে যাতে এই সমূহ সা-সুবিধা সোনকালেই কুঁহিমাৰী গাঁওৰ ৰাইজে যাতে লাভ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সুচল বাট-পথ নথকাৰ উপৰিও বিদ্যালয়লৈ যাবলৈও সুচল ব্যৱস্থা নথকা গাওঁ এখনক কেনেকৈ আদৰ্শ গাঁও ঘোষিত কৰা হ’ল সেয়া এক ডাঙৰ ৰহস্য ।

নামত হে আদৰ্শ গাঁও, নাই কোনো সুচল বাট পথ...
আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in