ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপঃ ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক...

চতিয়াৰ ভেলৌগুৰিত অৱস্থিত এইটো হ’ল ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৷ কিন্তু এই স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয় খনৰ ভিতৰৰ স্বৰূপ দেখি সকলোৰে চকু কপালত উঠিছে ৷
ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপঃ ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক...
Published on
Updated on

ডিজিটেল সংবাদ, চতিয়াঃ চতিয়াৰ ভেলৌগুৰিত অৱস্থিত এইটো হ’ল ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৷ কিন্তু এই স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয় খনৰ ভিতৰৰ স্বৰূপ দেখি সকলোৰে চকু কপালত উঠিছে ৷ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয় খনত নাথাকে এজনো চিকিৎসক ৷ বন্ধ থাকে চিকিৎসকৰ কোঠাৰ দৰ্জা ৷ মাত্ৰ তিনিগৰাকী নাৰ্ছেই চোৱা চিতা কৰে চিকিৎসালয় খনৰ ৷ নাথাকে ফাৰ্মাচিষ্টোও ৷

ৰোগীসকল আহিবলৈ এৰিছে স্বাস্থ্যখণ্ডলৈ ৷ পিছপৰা অঞ্চল বাবেই বছৰ বছৰ ধৰি এই অৱস্থাৰেই চলি আহিছে চিকিৎসালয়খন ৷ এই অভিযোগ স্থানীয় লোকসকলৰ ৷ স্থানীয় লোকৰ আহ্বান চিকিৎসালয়খনৰ এনে পয়ালগা অৱস্থাত গুৰুত্ব দিয়ক ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ চিকিৎসালয় খনত নাই এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থাও ৷ ইপিনে ইয়াত থকা চৰকাৰী আৱাস গৃহ সমূহো এতিয়া পৰি ৰৈছে পৰিতক্ত অৱস্থাত ৷

ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপঃ ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক...
আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ৯৯৮ গৰাকী ভোটাৰৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in