আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ৯৯৮ গৰাকী ভোটাৰৰ অংশগ্ৰহণ

শনিবাৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। কেইবাদিনো ধৰি চলা প্ৰচাৰৰ অন্তত আজি ইতিমধ্য আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, কোন পদত আগবাঢ়ি আছে কোন?

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ৯৯৮ গৰাকী ভোটাৰৰ অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ শনিবাৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। কেইবাদিনো ধৰি চলা প্ৰচাৰৰ অন্তত আজি ইতিমধ্য আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ১০ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

Advertisment

ইয়াৰে এগৰাকী প্ৰাৰ্থীৰ কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱা বাবে ইতিমধ্যেই জয়লাভ কৰিছে। আজিৰ এই নিৰ্বাচনত ৫২ টা সংবাদ প্ৰতিষ্ঠানৰ ৯৯৮ গৰাকী ভোটাৰে অংশ গ্ৰহণ কৰিব।

'প্ৰতিদিন টাইম'ৰ পৰাও এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৪ গৰাকী প্ৰাৰ্থীয়ে। উল্লেখ্য যে, 'প্ৰতিদিন টাইম'ৰ পৰা ক্ৰীড়া সম্পাদকৰ পদত আজাদ গগৈ,সাংস্কৃতিক সম্পাদকৰ পদত দেৱাশীষ কাঠকটীয়া, সহকাৰী সাধাৰণ সম্পাদক(মহিলা সংৰক্ষিত) পদত মিতালী কোঁৱৰ আৰু উপ-সভাপতি পদত( মহিলা সংৰক্ষিত) অলকা বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সন্ধিয়া ৫ বজাত শেষ হ'ব নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়ায। আনহাতে ফলাফল ঘোষণা হ'ব ৪ জুনত।

Also Read: সন্মুখত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আৰম্ভ আকৰ্ষণীয় প্ৰচাৰ অভিযান

election guwahati press club