/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/230c5892-a562-4fca-88bb-8d150ea63fc7/11.jpg)
ডিজিটেল সংবাদ, ঠেলামৰাঃ বাথৌ মহাসভাৰ অধিৱেশনত অংশ গ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উদুলি-মুদুলি পৰিৱেশ ঠেলামৰাৰ শ্বহীদ মনিৰাম-ৰতন-লেৰেলা কছাৰী স্মৃতি ক্ষেত্ৰ। সদৌ অসম বাথৌ মহাসভাৰ ১৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনা লোকে লোকাৰণ্য হ'ল ঠেলামাৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/62f32887-5e8d-4042-b123-c93745d8a8a0/WhatsApp_Image_2024_01_20_at_6_20_14_PM.jpeg)
শ্বহীদ মনিৰাম-ৰতন-লেৰেলা কছাৰী স্মৃতি ক্ষেত্ৰৰ পৰা ৫০ হাজাৰ বাথৌ ধৰ্মালম্বলী লোকে একেলগে প্ৰাৰ্থনা কৰি গঢ়িলে অভিলেখ। বিশ্ব দৰবাৰত বড়ো জনগোষ্ঠীৰ প্ৰাচীন ধৰ্ম বাথৌ ধৰ্ম প্ৰতিষ্ঠ হ'ল শোণিতপুৰৰ ঠেলামৰাত অনুষ্ঠিত বাথৌ মহাসভাৰ ত্ৰোয়দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1d99a62a-3903-4d1c-9436-8b3b9938963c/WhatsApp_Image_2024_01_20_at_6_20_13_PM.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত শনিবাৰে বাথৌ ধৰ্মপ্ৰান বড়ো জনগোষ্ঠীৰ লোক সকলে একলগে সমবেত হৈ ৫০ হাজাৰ লোকে বাথৌৰ আৰছ অৰ্থাৎ প্ৰাৰ্থনা কৰি অভিলেখ সৃষ্টি কৰিলে। ঠেলামৰাৰ নিকটবৰ্তী এৰাসুঁতিৰ শ্বহীদ মনিৰাম-ৰতন-লেৰেলা কছাৰী স্মৃতি ক্ষেত্ৰত ১৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ তিনিদিনীয়া কৈ সদৌ বাথৌ মহাসভাৰ ১৩ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু শোণিতপুৰ জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন সামৰণি পৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/df1bc97e-9a4a-4728-b098-5d7b12b0912f/WhatsApp_Image_2024_01_20_at_6_20_16_PM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/63c5e4a2-ec45-4ed0-9313-cf0ba7f187ea/WhatsApp_Image_2024_01_20_at_6_20_15_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d4cd1811-fc6c-458b-93e0-7964d04562d6/WhatsApp_Image_2024_01_20_at_6_20_15_PM__1_.jpeg)
বাথৌ মহাসভাৰ ত্ৰোয়দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ইউ বি ৱ্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰনগৌৰী নাৰ্জাৰী, সাংসদ দীলিপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক গনেশ লিম্বু।
Also Read: কামপুৰৰ বিশিষ্ট সমাজকৰ্মী হৰকান্ত নাথৰ বিয়োগ