কামপুৰৰ বিশিষ্ট সমাজকৰ্মী হৰকান্ত নাথৰ বিয়োগ

কামপুৰৰ বিশিষ্ট সমাজকৰ্মী হৰকান্ত নাথৰ বিয়োগ

ডিজিটেল সংবাদ,কামপুৰঃ কামপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰকান্ত নাথ(৮৩) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰয়াত হৰকান্ত নাথ কামপুৰ অঞ্চলৰ বিভিন্ন ধৰ্মীয় আৰু সামাজিক কামকাজৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত আছিল। হৰকান্ত নাথ মৃত্যুৰ সময়লৈকে কামপুৰ উন্নতি সাধিনী সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি কামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল। কামপুৰ পেন্সনাৰ সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈ থকা প্ৰয়াত হৰকান্ত নাথ জ্যেষ্ঠ নাগৰিক সন্থাৰো সক্ৰিয় কৰ্মী আছিল। আজি হৰকান্ত নাথৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে যথেষ্ট সংখ্যক গুণমুগ্ধ লোক তেওঁৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

সমাজ কৰ্মী গৰাকীৰ মৃত্যুত কামপুৰ উন্নতি সাধিনী সভা,কামপুৰ শাখা সাহিত্য সভা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিজেপিৰ কলিয়াবৰ সমষ্টিৰ সভাপতি বাবুল বৰা,সমাজকৰ্মী নিৰঞ্জন বৰা,কামপুৰ প্ৰেছক্লাৱ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আৰোহণ গোষ্ঠী, কামপুৰ প্ৰাক্তন ছাত্র সমন্বয় ৰক্ষী সমিতিকে আদি কৰি বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত নাথে পত্নী, তিনিগৰাকী কন্যা সহ যথেষ্ঠ সংখ্যক আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।

কামপুৰৰ বিশিষ্ট সমাজকৰ্মী হৰকান্ত নাথৰ বিয়োগ
প্ৰতিবাদী শ্লোগানেৰে উত্তাল মুছলপুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in