উপযুক্ত চিকিৎসাৰ অভাৱত এটা হাতীৰ কৰুণ মৃত্যু

উপযুক্ত চিকিৎসাৰ অভাৱত এটা হাতীৰ কৰুণ মৃত্যু

author-image
Asomiya Pratidin
New Update
উপযুক্ত চিকিৎসাৰ অভাৱত এটা হাতীৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ,জামুগুৰিহাট : অৱশেষত জীৱন-মৃত্যুৰ যুঁজি মৃত্যুৰ ওচৰত হাৰ মানিলে জামুগুৰিহাটত সন্ত্ৰাস সৃষ্টি কৰা হাতীটোৱে। হাতীটোৱে বিগত কিছুদিন ধৰি অঞ্চলটোৰ কেইবাখন গাঁৱত সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত বিনিদ্ৰ ৰজনী কটাবলগা হৈছিল সৰ্বসাধাৰণ ৰাইজে।

উল্লেখ্য যে, বিগত ২৪ দিনে অসম-অৰুনাচল সীমান্তৰ ৰিংখাংপুৰৰ এটি খাৱৈত পৰিছিল হাতীটো। ফলত আঘাতপ্ৰাপ্ত হৈ ছটফটাই আছিল হাতীটো ৷ কাতৰ যন্ত্ৰণাত ছটফটাই থকা হাতীটোৱে অৱশেষত বুধবাৰে পুৱা অকাল মৃত্যুক আঁকোৱালি লয়।

ইফালে বন বিভাগে আঘাতপ্ৰাপ্ত হাতীটোক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰো এক অভিযোগ উত্থাপন হৈছে ৷

Also Read: চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ অসমৰ অভিজিৎ বৰুৱা

assam forest jamugurihat elephant