চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ অসমৰ অভিজিৎ বৰুৱা

চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ অসমৰ অভিজিৎ বৰুৱা

author-image
Asomiya Pratidin
New Update
চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ অসমৰ অভিজিৎ বৰুৱা

ডিজিটেল সংবাদ, যোৰহাট : দুবাৰকৈ গীনিজ বুক অৱ ৰেকৰ্ড'ৰ সন্মান লাভ কৰা বক্সাৰ-দৌৰবিদ তথা যোৰহাটৰ সু-সন্তান অভিজিৎ বৰুৱাৰ সন্মুখত আন্তৰ্জাতিক পৰ্য্যায়ৰ অভিযান। ইটোৰ পিছত সিটো সফলতাৰ পাছত অসমৰ প্ৰথমজন পেছাদাৰী বক্সাৰৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান অভিজিৎ বৰুৱাই। এইবাৰ তেওঁ যাত্ৰা কৰিব আফ্ৰিকাত অনুষ্ঠিতব্য চতুৰ্থ আন্তৰ্জাতিক পেছাদাৰী বক্সিং প্ৰতিযোগিতালৈ।

Advertisment

অহা ২৯ ছেপ্টেম্বৰত আফ্ৰিকাৰ টাঞ্জানিয়াৰ দাৰদা ইছলামত অনুষ্ঠিত হ'ব চতুৰ্থ আন্তৰ্জাতিক বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত অভিজিৎ বৰুৱাৰ সৈতে মুখামুখি হ'ব ১১ বাৰকৈ চেম্পিয়নৰ খিতাপ দখল কৰা ছালেহা মুকালেকৱাৰ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আন্তৰ্জাতিক প্ৰতিযোগিতাত অভিজিৎ বৰুৱাই থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰিছিল। ইয়াৰ সুবাদতে অসম সন্তানগৰাকীয়ে চতুৰ্থ আন্তৰ্জাতিক বক্সিং পেছাদাৰী প্ৰতিযোগিতাত ছালেহা মুকালেকৱাৰ সৈতে মুখামুখি হোৱাৰ যোগ্যতা অৰ্জন কৰে।

অভিজিতে বিশ্ব বক্সিং পৰিষদ আৰু এচিয়ান বক্সিং পৰিষদৰ অধীনত হোৱা পেছাদাৰী বক্সিং প্ৰতিযোগিতাত বৰ্তমানলৈকে অপ্ৰতিৰোধ্য জয়যাত্ৰা অব্যাহত ৰাখিছে। ইয়াৰোপৰি ৩খনকৈ প্ৰতিযোগিতাত বিপক্ষক নক্ আউট কৰিছে। উল্লেখযোগ্য যে অভিজিৎ বৰুৱাই আন্তৰ্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত কেৰিয়াৰৰ প্ৰথমখন খেলত প্ৰথম ৰাউণ্ডতেই দিল্লীৰ হিতেশ কাচানক মাত্ৰ ১০ চেকেণ্ডতে নক্ আউট কৰিছিল।

ইফালে অসম সন্তানগৰাকীৰ এই যাত্ৰা সন্দৰ্ভত যোৰহাটৰ হোটেল নিউ পাৰ্কৰ সভাকক্ষত বুধবাৰে এখনি সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত অভিজিৎ বৰুৱাই ভাগলৈ কেতবোৰ মন্তব্য প্ৰদান কৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে,আন্তৰ্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত তেওঁ জীৱনৰ প্ৰথমখন খেলৰ পাছতে উত্তৰ প্ৰদেশত অনুষ্ঠিত ছিৰিজৰ দ্বিতীয় ৰাউণ্ডত শিৱম তিৱাৰীক পৰাস্ত কৰিছিল। লগতে ছিৰিজৰ তৃতীয় ৰাউণ্ডত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

সংবাদমেলত অভিজিতে উল্লেখ কৰে যে,উক্ত প্ৰতিযোগিতাৰ বাবে তেওঁ মাজনিশা পৰ্যন্ত যোৱা দুটাকৈ মাহ অত্যন্ত কঠোৰ অনুশীলনত ব্যস্ত হৈ আছিল। খেলুৱৈগৰাকীয়ে অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা দক্ষিণ আফ্ৰিকালৈ বুলি উৰা মাৰিব। তেওঁক সংগ দিব প্ৰফেচনেল বক্সিং ইণ্ডিয়া (পি বি আই)ৰ প্ৰমোটাৰ জয়সিং শ্বেখাৱটে।

উল্লেখযোগ্য যে অসম সন্তানগৰাকীয়ে ২৪ ঘণ্টাত ১৫৬.০২ কি.মি. দৌৰি গীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড'ৰ উপৰি অন্যান্য ১৭টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এনে এক প্ৰতিভাৰ আকৰ তথা খেলুৱৈগৰাকীয়ে পুনৰ আন্তৰ্জাতিক পেছাদাৰী বক্সিঙত সফলতা লাভ কৰাৰ বাবে তেওঁক শুভাকাঙ্খীসকলে শুভেচ্ছা জনায়।

আজিৰ এই সংবাদমেলত অভিজিৎ বৰুৱাৰ লগতে উপস্থিত থাকে যোৰহাটৰ বিশিষ্ট অধিবক্তা সুদীপ্ত নয়ন গোস্বামী আৰু ক্ৰীড়া সংগঠক নৱ কুমাৰ গগৈ।

Also Read: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ ৪খন আঁচনিৰ আধাৰশিলা স্থাপন

international boxing championship