/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3ea80c98-9c77-4339-8a17-bceea846e890/jala.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ ভোট জলকীয়া খেতিৰ জৰিয়তে এখন গাঁৱৰ ৰাইজ আগুৱাই গৈছে স্বাৱলম্বিতাৰ দিশত । গহপুৰ মহকুমাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ পুৰুষ মহিলা, যুৱক-যুৱতী সকলো ব্যস্ত ভোটজলকীয়া খেতিত । গাঁৱখনৰ প্ৰতিঘৰ লোকে ৫ ৰ পৰা ১০ বিঘা পৰ্য্যন্ত ভোটজলকীয়া খেতি কৰে । সৰ্বমুঠ গাওঁখনত প্ৰায় গাওঁখনত ৩০০ বিঘা ভোট জলকীয়া খেতি আছে ।
উৎপাদিত ভোটজলকীয়া সমূহ অৰুণাচল প্ৰদেশ, ডিমাপুৰ, চিকিম, গুৱাহাটী, নগাওঁ আদি লৈ দৈনিক কুইন্টলে কুইন্টলে ৰপ্তানি কৰিছে কৃষকসকলে । প্ৰতি কেজিত ৩০০ৰ পৰা ৪০০ টকা পৰ্যন্ত লাভ কৰে কৃষক সকলে । ভোট জলকীয়া খেতি যে এক লাভ জনক খেতি সেইয়া প্ৰমান কৰিবলৈ সক্ষম হৈছে জয়পুৰৰ বাসিন্দা সকলে।
Also Read: চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ডঃ দুখন হোটেলসহ কেইবাটাও ঘৰ ভস্মীভূত...