চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ডঃ দুখন হোটেলসহ কেইবাটাও ঘৰ ভস্মীভূত...

দেওবাৰে পুৱাৰ ভাগতে চিলাপথাৰ নগৰত সংঘটিত হ'ল এক ভয়ানক অগ্নিকাণ্ড। জিলাখনৰ নগৰত থকা চিলাপথাৰ-লিকাবালি পথৰ 'ফুডভিলা আৰু পাঞ্জাৱ হোটেল' জ্বলি চাৰখাৰ হ'ল
চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ডঃ দুখন হোটেলসহ কেইবাটাও ঘৰ ভস্মীভূত...

ডিজিটেল সংবাদ, ধেমাজিঃ দেওবাৰে পুৱাৰ ভাগতে চিলাপথাৰ নগৰত সংঘটিত হ'ল এক ভয়ানক অগ্নিকাণ্ড। জিলাখনৰ নগৰত থকা চিলাপথাৰ-লিকাবালি পথৰ 'ফুডভিলা আৰু পাঞ্জাৱ হোটেল' জ্বলি চাৰখাৰ হ'ল। লগতে ভস্মীভূত হ'ল কেইবাটাও ঘৰ। আজি পুৱাৰ ভাগতে কোনো অজ্ঞাত কাৰণত হঠাৎ জ্বলি উঠিল নগৰৰ 'ফুড ভিলা' নামৰ হোটেলখন। ঘটনাস্থলীৰ পৰা অহা বিকত শব্দত ৰাইজৰ মাজত হুৱা দুৱা লাগে। নিমিষতে এফালৰ পৰা জ্বলি নিঃশেষ হ'ল হোটেলখন।

মূহুৰ্তৰ ভিতৰতে জুই সম্প্ৰসাৰিত হৈ পুৰি পেলালে কাষতে থকা 'পাঞ্জাৱ হোটেল'। একোৱেই নাবাছিল হোটেল দুখনৰ। লগতে জুইৰ লেলিহান শিখাই পুৰি ছাঁইলৈ পৰ্যবসিত কৰিলে হোটেল দুখনৰ সংলগ্ন কেইবাখনো ঘৰ। অগ্নিকাণ্ড ঘটনাটোৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হ'ল চিলাপথাৰ আৰু অৰুণাচল প্ৰদেশৰ লিকাবালিৰ অগ্নিনিৰ্বাপক বাহিনী।

অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে স্থানীয় ৰাইজৰ সহযোগত প্ৰায় এক ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। খাণ্ডৱ দাহৰ পৰা ৰক্ষা পৰিলেও আটাইকেইখন ঘৰ সম্পূৰ্ণৰূপে ছাই লৈ পৰ্যবসিত হল । আৰু অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'ল পৰিয়ালকেইটা।

ঘটনাস্থলীৰ পৰা চাৰিটাকৈ জ্বলা চিলিণ্ডাৰ উদ্ধাৰ হয় । ঘটনাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই । ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক প্ৰয়োজনীয় সাহাৰ্য্য দি সহায় কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ।

চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ডঃ দুখন হোটেলসহ কেইবাটাও ঘৰ ভস্মীভূত...
নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিলে ছেংগুল...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in