পুনৰ শোণিতপুৰ জিলাত চলিল উচ্ছেদ অভিযান...

মঙলাবাৰে পুৱা পুনৰ চলিল শোণিতপুৰত উচ্ছেদ অভিযান । আজি সামৰণি পৰিব জিলাখনত চলি থকা উচ্ছদ অভিযান
পুনৰ শোণিতপুৰ জিলাত চলিল উচ্ছেদ অভিযান...

ডিজিটেল ডেস্কঃ মঙলাবাৰে পুৱা পুনৰ চলিল শোণিতপুৰত উচ্ছেদ অভিযান । আজি সামৰণি পৰিব জিলাখনত চলি থকা উচ্ছেদ অভিযান ৷ জিলাখনৰ মুঠ ১১হেজাৰ বিঘাভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান । প্ৰায় ২০০০ আৰক্ষী মোতায়ন কৰা হৈছে এই উচ্ছেদৰ বাবে।

আজি তৃতীয় দিনা শোণিতপুৰ জিলাৰ টেঙাগুৰি মুছলিম চৰ, বাদুলি চৰ, শিঙৰি চৰ আৰু চিতলমাৰী চৰকে ধৰি সৰ্বমুঠ ৪ টা চৰ বেদখল মুক্ত কৰিব শোণিতপুৰ জিলা প্ৰশাসনে। ৯টা চৰৰ ভিতৰত ইতিমধ্যে বিগত দুদিন ধৰি পাঁচটা চৰত উচ্ছেদ চলোৱা হৈছিল।

সেয়ে আজিৰ দিনাটোত বাকী থকা চৰ অঞ্চলকেইটাত চলিছে উচ্ছেদ । প্ৰায় ৬০ খনকৈ নাওঁ আৰু ৫০খনৰো অধিক ট্ৰেক্টৰেৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান ৷

৮০০পৰিয়ালৰ ভিতৰত বিগত দুদিনত ৫১৫টা পৰিয়ালক কৰা হৈছে উচ্ছেদ । আজিৰ দিনটোত মুঠ ২৮৫টা পৰিয়ালক উচ্ছেদ চলাইছে প্ৰশাসনে ৷

পুনৰ শোণিতপুৰ জিলাত চলিল উচ্ছেদ অভিযান...
১৯৫ খন দেশৰ পতাকা চিনাক্তকৰণেৰে ৰিয়াঞ্চে গঢ়িলে বিশ্ব অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in