চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ...

চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ...

ডিজিটেল সংবাদ, চতিয়াঃ চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ পানপুৰ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে । মহাবাহু ব্ৰহ্মপুত্ৰই চপৰা চপৰে খহাইছে মাটি । ইতিমধ্যেই বহু ৰাজহ গাঁও ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰাৰ পিছত যোৱা দুইদিনৰ পৰা কুমলীয়াৰ জুলাপাৰা, চতিয়াৰ শিঙিমাৰিত গঢ়াখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি নৈ পৰীয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ।

স্থানীয় ৰাইজ আৰু আমছুৰ অভিযোগ কোনো বিভাগীয় বিষয়া, কৰ্মচাৰী কিম্বা স্থানীয় জনপ্ৰতিনিধি উপস্থিত হোৱা নাই । বৰ্তমান লৈকে খহনীয়া প্ৰতিৰোধ বাবে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ৷ এতিয়া প্ৰশ্ন হয় বিভাগীয় বিষয়া কৰ্মচাৰী য়ে খৰালি বতৰত খহনীয়াৰ কোনো ধৰণৰ কাম নকৰাকৈ হাত সাৱটি শুই বহি থাকি সময় পাৰ কৰে ।

বাৰিষা বতৰ অহাৰ লগে লগে দৌৰা-দৌৰিকৈ আহি যেনে-তেনে যোৰা-টাপলি মৰা কাম কৰি দায়িত্ব সামৰে জল সম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। বিভাগটোৱে অঞ্চলটোৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমধান নকৰি যেন গৰাখহনীয়াক বছৰে বছৰে খিৰতী গাইলৈ ৰূপান্তৰিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ...
পিতৃ বিয়োগৰ শোঁককো আওকাণ কৰি দায়িত্ব পালন এজন যুৱকৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in