পিতৃ বিয়োগৰ শোঁককো আওকাণ কৰি দায়িত্ব পালন এজন যুৱকৰ...

দায়িত্বৰ সঁচাকৈয়ে কঠিন । এইটো সেইসকলেহে বুজি পাই যিসকলে প্ৰতিমুহূৰ্তত ঘৰৰ বোজা অকালতে কান্ধ পাতি ল'ব লগা হৈছে ।

author-image
Asomiya Pratidin
New Update
পিতৃ বিয়োগৰ শোঁককো আওকাণ কৰি দায়িত্ব পালন এজন যুৱকৰ...

ডিজিটেল সংবাদ,নগাঁও: দায়িত্বৰ সঁচাকৈয়ে কঠিন । এইটো সেই সকলেহে ভালকৈ বুজি পাই যিসকলে প্ৰতিমুহূৰ্ততে ঘৰৰ বোজা অকালতে কান্ধ পাতি ল'ব লগা হৈছে । তেনে এজন লোক হৈছে নগাঁওৰ হৰি দাস । ৮ দিন পূৰ্বেই হৰি দাসৰ পিতৃ বিয়োগ হৈছে । পিতৃ মৃত্যুৰ পিছতো জীয়াই থকাৰ হেপাঁহ আৰু পেটৰ ভোক নিৰাময়ৰ বাবে হৰিয়ে পালন কৰি গৈছে নিজ কৰ্তব্য আৰু দায়িত্ব ।

Advertisment

পিতৃ বিয়োগৰ পৰৱৰ্তী কাজ-কৰ্ম সমাপ্ত নোহোৱাকৈয়ে মঙলবাৰে কাকত বিলাবলৈ যোৱা দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে । জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ ভোক নিৰাময়ৰ বাবে এইদৰে হৰিয়ে পালন কৰি গৈছে নিজ কৰ্তব্য আৰু দায়িত্ব ।

নগাঁও চহৰৰ পলিৰোড আনন্দ নগৰৰ বাসিন্দা হৰি দাস নামৰ বাতৰি কাকত বিতৰক(হ'কাৰ)গৰাকীৰ পিতৃৰ আজিৰ পৰা আঠ দিনৰপূৰ্বে মৃত্যু হৈছিল। চতুৰ্থ দিনৰ পৰা হৰি দাসে পিতৃৰ বিয়োগৰ পিছত মানিবলগীয়া সকলো সামাজিক ৰীতি-নীতি, নিয়ম আদি পালন কৰি হৰি দাসে নিচেই পুৱাতেই প্ৰতিকূল বতৰকো আওকাণ কৰি বাতৰি কাকত বিলোৱা দৃশ্য সচকৈয়ে বেদনাদায়ক। সামাজিক ৰীতি নিয়মৰ জীৱন সংগ্ৰামৰ মাজেৰে ব্ৰত পালন কৰি নিজৰ কৰ্তব্য নিষ্ঠাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

হৰিদাসৰ পিতৃ প্ৰহ্লাদ দাসৰ ( ৮৫) ২৬ জুনত মৃত্যু হয়। বিভিন্ন উৎসৱ আদিত ঢাক বজাই জীৱিকা নিৰ্বাহ কৰা প্ৰহ্লাদ দাসৰ মৃত্যুৰ পিছত পৰিয়ালটোলৈ নামি আহিছে অমানিশা।

আৰ্থিকভাৱে অতি দুৰ্বল হৰি দাসে পিতৃৰ বিয়োগৰ বাবে তিনিদিন সামাজিক ৰীতি-নীতৰ বাবে বাতৰি কাকত বিলোৱা নাছিল যদিও তিলনী পালন কৰাৰ পিছৰ পৰা পুনৰ চতুৰ্থ দিনৰ পৰা বিলাইছে কাকত । বগা সাজ পিন্ধি, খালি ভৰিৰেই চাইকেলৰ পেডেল মাৰি মাৰি পুৱাতেই চহৰখনৰ বিভিন্ন পথৰ বাতৰি কাকতৰ গ্ৰাহকৰ ঘৰত তেওঁ কাকত বিলায়। এই বিশেষ দৃশ্য প্ৰত্যক্ষ কৰি প্ৰাতঃ ভ্ৰমণলৈ অহা একাংশ লোক আৱেগিক হৈ পৰিছে।

নগাঁৱৰ চৰকাৰ বুকষ্টল আৰু ৰূমী ৰূপক এণ্টাৰপ্ৰাইজৰ পৰা কাকত লৈ চহৰখনৰ ১৩০ঘৰ বাতৰি কাকতৰ গ্ৰাহকৰ ঘৰত হৰি দাসে প্ৰতিদিনে পুৱাই চাইকেল মাৰি কাকত বিলাই আহিছে। এনেদৰেই আৰ্থিকভাৱে দুৰ্বল হৰি দাসে চলাই গৈছে কঠোৰ জীৱন সংগ্ৰাম।

Also Read: দুৰ্ঘটনাত পতিত বলিউড কিং শ্বাহৰুখ খান...

hawker newspaper