উপায়ুক্ত কীৰ্তি জল্লীৰ বিৰুদ্ধে গৰজি উঠিছে অসম চিকিৎসা সেৱা সংস্থা...

যোৱা ৪ মে'ত কামৰূপ গ্ৰাম্য জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ মনমোহনক জিলাখনৰ উপায়ুক্তা কীৰ্তি জল্লীয়ে অন কেমেৰা ৰাজহুৱা ভাৱে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে

author-image
Asomiya Pratidin
New Update
উপায়ুক্ত কীৰ্তি জল্লীৰ বিৰুদ্ধে গৰজি উঠিছে অসম চিকিৎসা সেৱা সংস্থা...

সংবাদমেল

ডিজিটেল সংবাদ, বিশ্বনাথঃ যোৱা ৪ মে'ত কামৰূপ গ্ৰাম্য জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ মনমোহনক জিলাখনৰ উপায়ুক্তা কীৰ্তি জল্লীয়ে অন কেমেৰা ৰাজহুৱা ভাৱে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত আমছাৰ বিশ্বনাথ জিলা সংস্থাই সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

Advertisment

এই ঘটনাক লৈ এতিয়া অসম চিকিৎসা সেৱা সংস্থা ছমুকৈ আমছাই এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে ৷

তদুপৰি সমগ্ৰ ৰাজ্যৰ লগতে আজিৰ দিনটোত বিশ্বনাথ অসামৰিক চিকিৎসালয়তো আমছাৰ বিশ্বনাথ জিলা সংস্থাই উপায়ুক্তা গৰাকীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰাৰ লগতে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

স্মাৰক পত্ৰ প্ৰদান
স্মাৰক পত্ৰ প্ৰদান

আনহাতে, এই ঘটনা সংঘটিত কৰা প্ৰশাসনিক বিষয়াগৰাকীয়ে যাতে ভৱিষ্যতে এনে কাৰ্য পুনৰাবৃত্তি নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে ।

লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমছাই ৷ অন্যথা, জনসাধাৰণ আৰু চৰকাৰী স্বাস্থ্যসেৱাৰ মাজত দূৰত্ব সৃষ্টি হ'ব । আৰু ইয়ে ৰাইজ আৰু স্বাস্থ্য সেৱকৰ মাজত সংঘাত সৃষ্টিত অৰিহণা যোগাব ৷

আজিৰ এই সংবাদ মেলত উপস্থিত থাকে আমছাৰ বিশ্বনাথ সংস্থাৰ জিলাৰ সভাপতি ডাঃ জোনালী গগৈ, সম্পাদক ডাঃ ৰঞ্জিত দাসৰ লগতে ডাঃ জীৱন জ্যোতি তেলী, স্বাস্থ্যকৰ্মী ঋতু ৰাজবংশী লগতে বহুকেইজন ৷

Also Read: ভাল খবৰ, শীঘ্ৰেই প্ৰকাশ পাব ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন...

Assam Medical Services Association DC keerthi jalli