/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4481e3a2-64a8-42af-a3e0-9a45b334fb87/himanta_job.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিবনুৱা যুৱক- যুৱতীলৈ ভাল খবৰ । পুনৰ নিবনুৱাই লাভ কৰিব নিয়ুক্তি । খালী হৈ থকা বিভিন্ন পদৰ বাবে প্ৰকাশ পাব শীঘ্ৰেই বিজ্ঞাপন ।
ইতিমধ্যেই খালি হৈ থকা বহু পদৰ বাবে হিমন্ত চৰকাৰে জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ কৰিব বিজ্ঞাপন । এই কথা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে প্ৰকাশ কৰিছে ।
ইতিমধ্যেই হিমন্ত নেতৃত্বাধীন চৰকাৰে বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক । চৰকাৰী চাকৰি লাভ কৰি সকাহ লাভ কৰিছে বহু পৰিয়ালে । আজিৰ দিনটোৰ এই খবৰে বহু আশাহত হোৱা নিবনুৱাক পুনৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।
Also Read: তামুলপুৰত ৫২০ টা মৌ পালনৰ উদ্দেশ্যৰে মৌ বাকচ আৰু মৌ বীজ বিতৰণ...