/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0f3d5edb-dd02-432d-a33a-d78d1232c105/308.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথৰ এটা নিচামুক্তি কেন্দ্ৰত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিজ্ঞা ৱেলনেচ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় উত্তপ্ত পৰিস্থিতি।
জানিব পৰামতে শনিবাৰে বিয়লি উক্ত নিচামুক্তি কেন্দ্ৰৰ দুই বন্ধুৰ লগত গহপুৰৰ যুৱক বিকি সৰকাৰ গৈছিল বনভোজ খাবলৈ। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ নমৰা অঞ্চলত বনভোজ খাবলৈ যোৱা বিকিয়ে নমৰা নৈত বন্ধুৰ সৈতে গা ধুই থকাৰ পৰাই সন্ধানহীন হৈ পৰিছিল।
কিন্তু ইয়াৰ পিছতে বিকিৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। যাৰ বাবে নিহত বিকি সৰকাৰৰ অভিভাৱকে নিচামুক্তি কেন্দ্ৰটোত নিশা উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d7304f8f-17a7-4383-8c87-d9fdab8125af/d5927180-68ac-4bef-94e5-a605268401a8.jpg)
এইখিনিতে উল্লেখ কৰিব লাগিব যে গহপুৰৰ যুৱক বিকি সৰকাৰৰ অভিভাৱকে তিনি বছৰমান পূৰ্বে নিজ পুত্ৰক নিচা মুক্ত কৰাৰ বাবে বিশ্বনাথৰ এই প্ৰতিজ্ঞা ৱেলনেচ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰিছিল। কিন্তু এবছৰ মান পূৰ্বে উক্ত নিচা কেন্দ্ৰৰ পৰা বিকি সৰকাৰ উভতি যায় যদিও মাজে সময়ে উক্ত নিচাকেন্দ্ৰটোত আহি থাকে।
যাৰ বাবে উক্ত নিচামুক্তি কেন্দ্ৰই বিকিৰ পৰা কোনো মাননি নলয় বুলি জানিব দিয়ে।পূৰ্বৰ দৰে কালি দুপৰীয়া উক্ত নিচামুক্তি কেন্দ্ৰত বিকি উপস্থিত হৈ দুই বন্ধু ক্ৰমে গৌতম দৈমাৰী আৰু খঞ্জন ৰামচিয়াৰীৰ সৈতে গৈছিল বনভোজ খাবলৈ। তাৰ পিছতে বিকি সৰকাৰে নমৰা নৈত গা ধুই থকাৰ সময়তে খৰস্ৰোতা নদীৰ পানীত ডুব যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4f1f97e9-6a0b-4339-8aef-8e69dbbe1de5/8626e0fd-c97c-47f4-aa5e-34e3eeffaaac.jpg)
লগে লগে দুই বন্ধুয়ে ফোনযোগে নিচামুক্তি কেন্দ্ৰ কৰ্তৃপক্ষক অৱগত কৰে। তাৰ পিছত ঘটনাক কেন্দ্ৰ কৰি নিচামুক্তি কেন্দ্ৰ আৰু বিকি সৰকাৰৰ অভিভাৱকৰ মাজত হুৱাদুৱা লাগে।
বিকি সৰকাৰৰ পৰিয়ালে বিশ্বনাথ আৰক্ষীক সমস্ত বিষয়ে অৱগত কৰাৰ পিছতে এন ডি আৰ এফৰ দলে নিশা বিকিৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে। ইফালে নিচা মুক্তি কেন্দ্ৰত বিকি সৰকাৰৰ মাতৃ তথা অভিভাৱক উপস্থিত হৈ সমস্ত ঘটনা সন্দৰ্ভত জানিবলৈ বিচৰা সময়ত দুয়ো পক্ষৰ মাজত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়।
Also Read: আই পি এল-২৪ৰ খিতাপ দখলৰ যুঁজত দুই মহাশক্তিৰ মহাৰণ