/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3cca6c11-29c1-462a-b160-58b2c43f0952/AP_FOR_WEB_madhusmita.jpg)
ডিজিটেল সংবাদ,গহপুৰ : ৰাসলীলাৰ অভিনয় আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত ৰাজ্যত ৰাসলীলা উদযাপনৰ বাবে অব্যাহত আছে অত্যাধুনিক প্ৰতিযোগিতা। ৰাজ্যখনৰ বিভিন্ন ৰাসৰ মঞ্চত আমদানিকৃত তাৰকা শিল্পীৰ ভিৰ,অত্যাধুনিক আলোকসজ্জা,আকৰ্ষণীয় মঞ্চ সজ্জা,দৃশ্য সজ্জা আদিয়ে চমৎকাৰ কৰি তুলিছে ৰাস মঞ্চৰ পৰিৱেশ।
ৰাজ্যখনৰ আন প্ৰান্তৰ দৰে গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্ততো ধুমধামেৰে চলিছে শ্ৰীকৃষ্ণৰ ৰাস উদযাপনৰ ব্যাপক কাৰ্য্যসূচী। এইবাৰ গহপুৰৰ ৰাসৰ মঞ্চত অৱতীৰ্ণ হোৱা এগৰাকী স্থানীয় শিক্ষয়িত্ৰীৰ মনপৰশা নৃত্যই মুগ্ধ কৰিছে দৰ্শক ৰাইজক।
নাম তেওঁৰ মধুস্মিতা বৰা। অঞ্চলটোত "মিলি" নামেৰেহে বেছি পৰিচিত মধুস্মিতা বৰা মহকুমাটোৰ হাৱাজান একাডেমিৰ এগৰাকী শিক্ষয়িত্ৰী। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ইন্দ্ৰজিৎ কলিতাৰ পত্নী মধুস্মিতা বৰাৰ আকৰ্ষণীয় আৰু মনপৰশা যশোদা আৰু ৰাধা নৃত্যই মন্ত্ৰমুগ্ধ কৰিছে প্ৰতিগৰাকী দৰ্শকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f6f3a219-1de4-43c0-8b08-62f50ead8f1b/5ee41f2e_3fdb_4579_b5af_8bfdfeb58691.jpg)
উল্লেখযোগ্য যে ৰাসলীলাৰ বিশেষ বিশেষ চৰিত্ৰত অভিনয়ৰ বাবে ধনৰ টোপোলা দি তাৰকা শিল্পীক আমন্ত্ৰণ কৰি অনাৰ এক পৰম্পৰা অসমৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে। তাৰকা শিল্পীৰ লগত ফেৰ মাৰিব পৰা অভিজ্ঞ শিল্পী গাঁও-চুবুৰীত থকাৰ পিছতো কেৱল গ্লেমাৰৰ পিছত দৌৰাৰ এক অঘোষিত প্ৰতিযোগিতা গঢ় লৈ উঠিছে সমাজত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fa5b2a84-d28a-4c12-930e-075cd2d2bef5/b180ce15_0948_4c3f_a1b6_f7d62ad0c35a.jpg)
কিন্তু গ্লেমাৰৰ পিছত দৌৰ নামাৰি স্থানীয় শিল্পী আৰু যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দি ৰাস উদযাপনৰ এক সুকীয়া পৰিৱেশ গঢ়ি তোলা উদযাপন সমিতিসমূহ আজিৰ সমাজৰ বাবে এক আদৰ্শ বুলি সচেতন ৰাইজৰ মাজত বিবেচিত হৈছে। য'ত মধুস্মিতা বৰাৰ দৰে এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰতিভা ফুটাই তুলি নিজকে চিনাকি দিবলৈ সক্ষম হৈছে এগৰাকী শিল্পী হিচাপে।
দৰ্শকৰ মন জয় কৰিবলৈ গ্লে'মাৰৰ পৰিবৰ্তে প্ৰতিভাৰহে যে দৰকাৰ সেই কথা বৰঙাবাৰী আৰু ব্ৰহ্মাজানৰ ৰাসৰ মঞ্চত প্ৰতীয়মান কৰিলে শিক্ষয়িত্ৰী মধুস্মিতা বৰাই।
Also Read: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন