/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/98b6dc15-1b06-47b1-b5fc-351eaa8fae45/9.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলা সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত "শুক্ৰিয়া মোদী জী" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
সংখ্যালঘু সমাজৰ পৰা তিনি তালাক অবৈধ বুলি উঠাই দিয়া আৰু ৪৫ বছৰ বয়সৰ পৰা মুছলমান মহিলাই হজলৈ অকলে যাব পৰা, মহিলা সংৰক্ষণ আইন আদি মোদী চৰকাৰৰ দিনত লোৱা সিদ্ধান্তৰ বাবে বিশ্বনাথ জিলাৰ মুছলমান ধৰ্মীয় মহিলা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ জৰিয়তে স্বাক্ষৰিত কৰা পত্ৰ প্ৰেৰণ কৰে৷ উক্ত কাৰ্যসূচীত ৩০০ৰো অধিক মহিলাই অংশগ্ৰহন কৰে।
Also Read: প্ৰায় এবছৰে মাতৃৰ মৃতদেহৰ সৈতে কটালে দুগৰাকী কন্যাই...