শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সাফল্য...

উচ্চতৰ মাধ্যমিকৰ মঙলবাৰে ঘোষিত ফলাফলত সংস্কৃত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ৯৬ শতাংশ নম্বৰ লাভ কৰিছে অভিষেক উপাধ্যায়ে

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সাফল্য...

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মঙলবাৰে ঘোষিত ফলাফলত সংস্কৃত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ৯৬ শতাংশ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে গহপুৰ মহকুমাৰ অন্তৰ্গত টকৌবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ মেধাবী ছাত্ৰ অভিষেক উপাধ্যায়ে । ঘোষিত ফলাফলত ডিষ্টিংচন মাৰ্ক (৯৩.৪%) লাভ কৰি বিদ্যালখন লৈ গৌৰৱ কঢ়িয়াই অনা অভিষেক উপাধ্যায়ে সমাজতত্ত্ব  বিষয়ত অসমৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ (৯৮%) নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Advertisment

মেধাৱী ছাত্রজনৰ এই আশাপ্ৰদ সাফল্যত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকলে অভিষেকক লৈ আনন্দ কৰাৰ লগতে তেওঁক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । অভিষেক উপাধ্যায় গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত ভেলুৱাডাঙা নিবাসী, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক তাৰানাথ উপাধ্যায় আৰু পদ্মা দেৱীৰ সুযোগ্য পুত্ৰ ।

বিদ্যালয়ৰখনৰ বানিজ্য শাখাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে ঘোষিত ফলাফলত উত্তীৰ্ণ হোৱা বুলি জানিবলৈ দিছে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালক সুৰজ চুবেদীয়ে । ইয়াৰে দুগৰাকীয়ে ষ্টাৰ, ছয় গৰাকীয়ে লেটাৰ নম্বৰসহ প্ৰথম বিভাগ, দুগৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ। কলা শাখাত ছয় গৰাকীয়ে ষ্টাৰ নম্বৰ, এঘাৰ গৰাকীয়ে লেটাৰ নম্বৰসহ প্ৰথম বিভাগ, এঘাৰগৰাকীয়ে দ্বিতীয় বিভাগ আৰু ন গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে তৃতীয় বিভাগ।

Also Read: বৰফ গলিছেঃ জনজাতিকৰণ সন্দৰ্ভত আহোম সংগঠন-ট্ৰাইবেল সংঘৰে আলোচনা
মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰনোজ পেগু...

higher secondary result result