চতিয়াৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

চতিয়াৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

ডিজিটেল সংবাদ,জামুগুৰিহাট : বৰ্তমান সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অনিহা প্ৰকাশ কৰা দেখা যায়। সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰ ব্যৱস্থা কৰি দিলেহে যেন সন্তানৰ সপোন পূৰ্ণ হ'ব সেইটোৱেই আশা কৰে একাংশ অভিভাৱকে।

কিন্তু এনে সময়তে চতিয়াৰ উত্তৰ অঞ্চলৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয় দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য। বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

চতিয়াৰ উত্তৰ অঞ্চলৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শ‌ইকীয়া আৰু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত যি বোৰ সুবিধা উপলব্ধ তাতোকৈ কোনো গুণে কম নহয় বুলি অধ্যক্ষ শইকীয়াই জানিবলৈ দিয়ে।

পুথিভঁৰাল, যাদুঘৰ, খেলৰ সা-সুবিধাৰ উপৰি ছাত্ৰ ছাত্ৰীৰ বাবে চিকিৎসা পুঁজিৰ লগতে নিয়মীয়াকৈ চলোৱা পাঠদানে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক বিশেষভাৱে আকৰ্ষিত কৰি আহিছে। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে আশা কৰিলেও বিদ্যালয় কৰ্তৃপক্ষই এক নিৰ্দিষ্ট পৰিমাণৰ ছাত্ৰ-ছাত্ৰীকহে আসন দিব পাৰিৱ বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগম দেখি বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। যি সময়ত চৰকাৰী খণ্ডৰ বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে; তেনে সময়তে চতিয়াৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উল্লেখিত ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

চতিয়াৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা
অৱসৰী নাৰ্চ মাখনি হাজৰিকাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in