/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0398a12b-f93e-4fd8-9081-8e83687286d4/126.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ নিবাসী তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰী নাৰ্চ মাখনি হাজৰিকাৰ ৮৫ বয়সত শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে শুক্ৰবাৰে সন্ধিয়া হঠাতে হোৱা প্ৰেচাৰ ষ্টকৰ বাবে তেওঁক ৰাতিয়েই ধেমাজি নগৰৰ ব্যক্তিগত নাৰ্চিং হোম বি চি বি কেয়াৰত ভৰ্তি কৰে।
নাৰ্চিং হোমত ভৰ্তি কৰাইছিল যদিও স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পুনৰ উন্নত চিকিৎসাৰ বাবে শনিবাৰে পুৱাই ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমত ভৰ্তি কৰে ৷ চিকিৎসকে ৰোগী মাখনি হাজৰিকাক অতি সংকটজনক অৱস্থাত আই. চি. ইউত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰে যদিও কোনো ফল নোপোৱাত ৰোগীক চিকিৎসকে ঘৰলৈ লৈ যোৱা পৰামৰ্শ দিয়ে ৷
ইফালে ৰোগীক ঘৰলৈ লৈ অহা পথতেই শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ অতি সহজ সৰল মাখনি হাজৰিকাৰ মৃত্যুৱে ধেমাজিত শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুৰ সময়ত তেওঁ জ্যেষ্ঠ পুত্ৰ তথা সাংবাদিক দিলীপ কুমাৰ হাজৰিকা , গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী গোবিন হাজৰিকা, চিকিৎসক ডাঃ অজিত হাজৰিকাৰ লগতে দুই কন্যা,বোৱাৰী,নাতি-নাতিনী আৰু পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷
ইফালে ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকাৰ মাতৃৰ বিয়োগত ধেমাজি প্ৰছ ক্লাৱে গভীৰ শোক কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে ৷
Also Read: গড়চুক আৰক্ষীৰ অভিযানত জব্দ ২১ কেজি গাঞ্জা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us