গুণোৎসৱৰ মাজতে প্ৰতিবাদঃ আছে ৭২ গৰাকী শিক্ষাৰ্থী, নাই এজনো শিক্ষক...

গুণোৎসৱৰ মাজতে প্ৰতিবাদঃ আছে ৭২ গৰাকী শিক্ষাৰ্থী, নাই এজনো শিক্ষক...

author-image
Asomiya Pratidin
New Update
গুণোৎসৱৰ মাজতে প্ৰতিবাদঃ আছে ৭২ গৰাকী শিক্ষাৰ্থী, নাই এজনো শিক্ষক...

গুণোৎসৱৰ মাজতে প্ৰতিবাদঃ আছে ৭২ গৰাকী শিক্ষাৰ্থী, নাই এজনো শিক্ষক...

ডিজিটেল সংবাদ ছয়দুৱাৰ: ৰাজ্যৰ শিক্ষাখণ্ডৰ সৰ্বাংগীন উন্নয়ন আৰু পৰিবৰ্তনৰ বাবে জাকজমকীয়াকৈ চলি আছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। ব্যতিক্ৰম নহয় গহপুৰো।গহপুৰ মহকুমাৰ প্ৰান্তে প্ৰান্তে চলি আছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ কাৰ্য্যসূচী।

Advertisment

মহকুমটোত অব্যাহত থকা গুণোৎসবৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰ মাজত আজি সামৰণি অনুষ্ঠানৰ দিনা গহপুৰৰ এখন বিদ্যালয়ত শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই। কিয়নো ৭২ গৰাকী ছাত্ৰ-ছাত্ৰী থকা গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰজাবাৰীৰ খলিহৈচুক প্ৰাথমিক বিদ্যালয়ত নাই এজনো শিক্ষক।

বিদ্যালয়খনত ২০১৯ বৰ্ষৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছিল যদিও যোৱা ২ ফেব্ৰুৱাৰীত তেওঁ অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত কিন্তু আজিলৈকে বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি দিব নোৱাৰিলে শিক্ষা বিভাগে।

যাৰ বাবে আজি ছাত্র-ছাত্ৰী আৰু অভিভাৱক ওলাই আহি বিদ্যালয়খনৰ চৌহদত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে। শিক্ষা মন্ত্ৰী হায় হায়, শিক্ষা বিভাগৰ কাম নাই আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অতি শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল গুণোৎসবৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা কাৰ্য্যত অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

Also Read: ৫ মাহ পূৰ্বে নাবালিকাক কৰিছিল ধৰ্ষণঃ পেটৰ বিষত আক্ৰান্ত হোৱাত আহিল পোহৰলৈ...

গহপুৰ গুণোৎসৱ