৫ মাহ পূৰ্বে নাবালিকাক কৰিছিল ধৰ্ষণঃ পেটৰ বিষত আক্ৰান্ত হোৱাত আহিল পোহৰলৈ...

৫ মাহ পূৰ্বে নাবালিকাক কৰিছিল ধৰ্ষণঃ পেটৰ বিষত আক্ৰান্ত হোৱাত আহিল পোহৰলৈ...

author-image
Asomiya Pratidin
New Update
৫ মাহ পূৰ্বে নাবালিকাক কৰিছিল ধৰ্ষণঃ পেটৰ বিষত আক্ৰান্ত হোৱাত আহিল পোহৰলৈ...

৫ মাহ পূৰ্বে নাবালিকাক কৰিছিল ধৰ্ষণঃ পেটৰ বিষত আক্ৰান্ত হোৱাত আহিল পোহৰলৈ...

ডিজিটেল সংবাদ শোণিতপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলিচাপৰিত এগৰাকী নাবালিকাক একে গাঁওৰে আটাবুৰ ৰহমান নামৰ এজন লোকে ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ এক ঘটনা পোহৰলৈ অহিছে। দীঘলীচাপৰি গাঁৱৰ ১৬ বছৰীয়া নাবালিকাক আজিৰ পৰা প্ৰায় পাঁচমাহ পূৰ্বে বিদ্যালয়লৈ অহি থকা অৱস্থাত মাতিনি ধৰ্ষণ কৰে একে গাঁৱৰে আটাবুৰ ৰহমানে।

Advertisment

ইয়াৰ পাছতে নাবালিকাগৰাকীক ভয় ভাবুকি প্ৰদান কৰি সমগ্ৰ ঘটনা লুকুৱাই ৰাখিবলৈ হেঁচা দিয়ে আটাবুৰে।কিন্তু আজিৰ পৰা দুদিন পূৰ্বে নাবালিকাগৰাকীয়ে তীব্ৰ পেটৰ বিষত আক্ৰান্ত হোৱাত পিতৃ-মাতৃয়ে নাবালিকাগৰাকীক তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

ইয়াৰ পিছতে এই সমস্ত ঘটনা পোহৰলৈ আহে। আজি নাবালিকাগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত জামুগুৰি আৰক্ষীয়ে অভিযুক্ত আটাবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।

Also Read: তিতাবৰত দিবা-নৈশ মুকলি ভলীবল প্ৰতিযোগিতা...

নাবালিকাক ধৰ্ষণ জামুগুৰি