গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক সানিলে গহপুৰৰ এজন শিক্ষকে...

গহপুৰৰ এখন বিদ্য়ালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত ৷
গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক সানিলে গহপুৰৰ এজন শিক্ষকে...

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ এখন বিদ্য়ালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত ৷

গহপুৰৰ ৰমানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ঘটা লজ্জাজনক ঘটনাৰ বাবেই আজি দিনৰ ভাগত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে বিদ্য়ালয়খনত । বিদ্যালয় খনৰ হিন্দী শিক্ষক ৰমা হাজৰিকাৰ কু-কাণ্ডৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব । গুৰু - শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ৰমা হাজৰিকাই ।

ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে ছাত্ৰীৰ শৰীৰত স্পৰ্শ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ছাত্ৰীয়ে ।

শিক্ষক ৰমাকান্তৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পিছতেই অভিভাৱক সকলে বৃহস্পতিবাৰে দুপৰীয়া বিদ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক ৰমানন্দ হাজৰিকাক । এই ঘটনা লৈ সমগ্ৰ গহপুৰৰ দ'লগুৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক সানিলে গহপুৰৰ এজন শিক্ষকে...
শিল্পী মানিক কলিতালৈ 'কলংপৰীয়া শিল্পী' বঁটা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in