শিল্পী মানিক কলিতালৈ 'কলংপৰীয়া শিল্পী' বঁটা...

সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ নতুন কিবা এটা সৃষ্টি কৰাৰ নিৰন্তৰ প্ৰয়াসৰ লগতে মাৰ্জিতভাবে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী 'সৃষ্টি'ৰ উদ্যোগত ২০০৪ চনৰ পৰা নগাঁৱত 'বসন্ত উৎসৱ' অনুষ্ঠিত হৈ আহিছে
শিল্পী মানিক কলিতালৈ 'কলংপৰীয়া শিল্পী' বঁটা...

ডিজিটেল সংবাদ, নগাঁও: সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ নতুন কিবা এটা সৃষ্টি কৰাৰ নিৰন্তৰ প্ৰয়াসৰ লগতে মাৰ্জিতভাবে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী 'সৃষ্টি'ৰ উদ্যোগত ২০০৪ চনৰ পৰা নগাঁৱত 'বসন্ত উৎসৱ' অনুষ্ঠিত হৈ আহিছে । কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত 'বসন্ত উৎসৱে চলিত বৰ্ষত ২০ বছৰত ভৰি দিছে ।

এই অনুষ্ঠানত ২০০৯ চনৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পী সকলৰ বিৰল কৰ্মৰাজীক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে 'কলংপৰীয়া শিল্পী বঁটা' প্ৰদান কৰি অহা হৈছে ।

চলিত বৰ্ষত অহা ১৩ মে'ত নগাঁও নেহৰুবালিত অনুষ্ঠিতব্য 'বসন্ত উৎসৱ'টো নগাঁও জিলাৰ ৰাইডঙীয়াৰ নতুন ভোগবাৰীৰ লোক সংস্কৃতিৰ সাধক চহা শিল্পী মানিক কলিতাক কলংপৰীয়া শিল্পী বঁটা প্ৰদান কৰা হ"ব।

উল্লেখযোগ্য যে ম'হৰ শিঙৰ পেপাত অসমৰ জাতীয় জীৱনৰ প্ৰাণ স্পন্দন বিহু গীতৰ সুৰ তুলি সকলোকে মুগ্ধ কৰা বৰ্ষিয়ান শিল্পী জন সম্প্ৰতি ৯১ বছৰ বয়সতো কৰ্মোদ্যমী হৈ আছে । বয়সে হাৰ মনাব নোৱাৰা এই চিৰতৰুণ শিল্পী গৰাকীয়ে সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতো পেপাত বজাব পাৰে ।

তেওঁ ২০ বাৰৰো অধিক শ্ৰী কৃষ্ণৰ ৰাসলীলাত শংখচূড়ৰ ভাৱত অভিনয় কৰিছে ।তদুপৰি অংকীয়া ভাওনাত তেও বিভিন্ন ভাৱত অভিনয় কৰিছে । চহা শিল্পী গৰাকীয়ে আহতগুৰিৰ ম'হ যুজ স্থলী আৰু নগাঁও নেহৰুবালিত নাকৰে পেপা বজাই সকলোকে মুগ্ধ কৰিছিল ।

তাৎপৰ্যপূৰ্ণ যে মানিক কলিতাৰ ম'হৰ শিং সদৃশ দীঘল মোছ কোচা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ । চহা শিল্পী গৰাকীৰ বিহু নৃত্য-গীত প্ৰদৰ্শনৰ অন্যতম সহযোগী আছিল কুঁজীডাহ কমাৰচুকৰ বিজয় দাস আৰু গোপালী নাথ । তেওঁলোকে সোণাই নদী উত্তৰ আঞ্চলিক হাতীচোং মৌজা ইপাৰ-সিপাৰ কেতেকী চৰাই বিহুৱা দল নামৰ এটা দল গঠন কৰিছিল ।

এই দলটোৱে অবিভক্ত নগাঁও জিলাৰ বিভিন্ন স্থানত বিহু নৃত্য-গীত প্ৰদৰ্শন কৰি সমাদৃত হৈছিল । এই চহা শিল্পী গৰাকীকে অহা ১৩ মে' কলংপৰীয়া শিল্পী বঁটা প্ৰদান কৰা হব ।

অন্যহাতেদি 'বসন্ত উৎসৱ' উপলক্ষে ১৩ মে'ৰ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানত এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট নৃত্য শিল্পী পংকজ ইংতিৰ পৰিচালনাত নৃত্য প্ৰদৰ্শন কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰা, প্ৰস্তুতি পৰাশৰ,নিশিতা গোস্বামী, মেঘৰঞ্জনী মেধিকে ধৰি বহু কেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

তদুপৰি তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান 'নক্ষত্ৰ'ই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব । সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হৈছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ ।

'সৃষ্টি'ৰ অন্যতম আয়োজক বিধায়ক ৰূপক শৰ্মাই ৰাইজক বসন্ত উৎসৱত অংশগ্ৰহণৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে ।

শিল্পী মানিক কলিতালৈ 'কলংপৰীয়া শিল্পী' বঁটা...
পানী সম্পৰ্কীয় এই ত্ৰুুটিবোৰৰ ক্ষেত্ৰত সতৰ্ক হওঁক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in