জামুগুৰিহাটৰ জ্ঞানদা গাৰ্গী হাজৰিকাৰ 'স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন

জামুগুৰিহাটৰ জ্ঞানদা গাৰ্গী হাজৰিকাৰ 'স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ জ্ঞানদা গাৰ্গী হাজৰিকাৰ 'স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ সফলতাই আনন্দিত কৰি তুলিছে জামুগুৰিহাটবাসী ৰাইজক৷ অলপতে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ ৰ “Kids B” ৰ প্ৰতিযোগীতাত প্ৰথম ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ হোলি চাইল্ড ইংলিছ স্কুলত অধ্যয়নৰত এইগৰাকী ষষ্ঠ শ্ৰেণীৰ কিশোৰী ছাত্ৰী জ্ঞানদা গাৰ্গী হাজৰিকাই৷

Advertisment

প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ শতাধিক কিডছৰ প্ৰতিযোগীক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীয়ে ৷ বাল্যকালৰপৰাই সৌন্দৰ্য চৰ্চাৰ জগতখনৰ প্ৰতি আকৰ্ষিত কিশোৰীগৰাকীয়ে ৰশ্মি বৰুৱাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে বহুকেইটা সৌন্দৰ্যৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে, সৌন্দৰ্য্য চৰ্চাৰ লগতে নিজৰ অধ্যয়নৰ দিশটোও সমানে আগবঢ়াই নিয়া কিশোৰী ছাত্ৰী জ্ঞানদা গাৰ্গী হাজৰিকা জামুগুৰিহাটৰ বৰভগীয়া গাঁও নিবাসী প্ৰাক্তন গাঁওপ্ৰধান হেমচন্দ্ৰ বৰাৰ নাতিনী তথা বিচিত্ৰ হাজৰিকা আৰু ববী হাজৰিকাৰ একমাত্ৰ কন্যা৷ জ্ঞানদা গাৰ্গী হাজৰিকাৰ এই সফলতাত উৎফুল্লিত গাঁওবাসীয়ে কিশোৰী গৰাকীক মৰম যঁচাৰ লগতে সৌন্দৰ্য চৰ্চাৰ প্ৰতি আকৰ্ষিত জ্ঞানদা গাৰ্গীৰ উজ্জ্বল ভৱাষ্যত কামনা কৰিছে।

Also Read: চিলাপথাৰত কালী পূজাৰ নামত প্ৰান্তে প্ৰান্তে চলিছে জুৱাৰ ৰমৰমীয়া বেহা

স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'