চিলাপথাৰত কালী পূজাৰ নামত প্ৰান্তে প্ৰান্তে চলিছে জুৱাৰ ৰমৰমীয়া বেহা

চিলাপথাৰত কালী পূজাৰ নামত প্ৰান্তে প্ৰান্তে চলিছে জুৱাৰ ৰমৰমীয়া বেহা

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত কালী পূজাৰ নামত প্ৰান্তে প্ৰান্তে চলিছে জুৱাৰ ৰমৰমীয়া বেহা

ডিজিটেল সংবাদ, চিলাপথাৰঃ পূজাৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে উন্মুক্ত জুৱাৰ বেহা। চিলাপথাৰৰ ১নং কাকবাৰী আৰু চিমেনমুখৰ কুলিবজাৰৰ কালী পূজাতো দেখা গৈছে অনুৰূপ দৃশ্য। দীপাৱলীৰ আলম লৈ একাংশ জুৱাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে জুৱাৰ মুক্ত বেহা। জুৱা খেলত নিমগ্ন জুৱাৰীৰ চিঞৰ বাখৰত ম্লান পৰিছে পূজাৰ আধ্যাত্মিক দিশ।‌

Advertisment

জুৱাৰ সমান্তৰালকৈ চলিছে অবৈধ মদৰ ৰমৰমীয়া বেপাৰ। এই অবৈধ ব্যৱসায়ৰ ফলত কালী পূজাৰ গৰিমা কুলষিত কৰাৰ লগতে পূজাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চিলাপথাৰৰ বিভিন্ন প্ৰান্তত কালী পূজাৰ নাম লৈ জুৱাৰীয়ে মুক্তভাৱে চলাই গৈছে জুৱা খেল। এই সন্দৰ্ভত শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: হায়দৰাবাদত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৯, আঘাতপ্ৰাপ্ত কেইবাজনো

kali puja